ETV Bharat / state

পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ডঃ ৰমন সিঙে

author img

By

Published : Mar 24, 2021, 10:05 PM IST

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ডঃ ৰমন সিঙে তেজপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ভাষণ প্ৰসংগত সিঙে অসমৰ ছয় জনগোষ্ঠীক বিজেপি চৰকাৰে জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিলে বুলি উল্লেখ কৰে ৷

পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ডঃ ৰমন সিঙে
পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ডঃ ৰমন সিঙে

তেজপুৰ,২৪ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ডঃ ৰমন সিঙে তেজপুৰৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ভাষণ প্ৰসংগত তেজপুৰ তথা অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ডঃ ৰমন সিং ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মাৰ লগতে ডঃ ভূপেন হাজৰিকাকো ভূয়সী প্ৰশংসা কৰে ৷ বিগত পাঁচ বছৰত এনডিএ চৰকাৰ তথা অগপ-বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে বহুকেইটা উন্নয়নমূলক কাম কৰাৰ লগতে বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰি পৃথ্বীৰাজ ৰাভাক ভোট দিবলৈ আহ্বান জনায় সিঙে ৷

ইফালে, ভাষণ প্ৰসংগত সিঙে অসমৰ ছয় জনগোষ্ঠীক বিজেপি চৰকাৰে জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিলে বুলি উল্লেখ কৰে ৷ ছত্তিশগড়ত মাওবাদীৰ দৰে কূটাঘাত সমস্যাৰ সমাধান তেওঁৰ কাৰ্যকালতে হোৱা বুলি উল্লেখ কৰি কয়, এই সমস্যাটো আন্তঃৰাজ্যিক সীমাৰ বাবে হয় ৷ গতিকে লাহে লাহে সকলো সমাধান হ'ব ৷

লগতে পঢ়ক: অখিলৰ সমৰ্থত শিৱসাগৰৰ ৰাজপথত সহস্ৰাধিক জনতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.