কলিয়াবৰ, 28 আগষ্টঃ কেন্দ্ৰীয় পথ পৰিবহণ আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া জেনেৰেল বিজয় কুমাৰ সিঙে বুধবাৰে কলিয়াভোমোৰা সেঁতুৰ নিৰ্মীয়মান দলং পৰিদৰ্শন কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে গুৱাহাটীৰ পৰা ইটানগৰলৈকে স্থলপথেৰে ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে বুলি মন্ত্ৰীগৰাকী মন্তব্য কৰে ৷ এই ভ্ৰমণ কালত নিৰ্মীয়মান চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'ব মন্ত্ৰী গৰাকীয়ে ৷ টোল গেট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, উন্নত মানদণ্ডৰ পথৰ সুবিধা পালে দুই এক পইচা জনসাধাৰণে নিশ্চয় খৰচ কৰিবলৈ ইচ্ছুক হ'ব ।
কলিয়াবৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী বিজয় কুমাৰ সিং - বিজয় কুমাৰ সিং
কেন্দ্ৰীয় পথ পৰিবহণ আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া জেনেৰেল বিজয় কুমাৰ সিঙৰ কলিয়াভোমোৰা সেঁতুৰ নিৰ্মীয়মান দলং পৰিদৰ্শন ৷ গুৱাহাটীৰ পৰা ইটানগৰলৈকে স্থলপথেৰে ভ্ৰমণ কৰি বুজ ল'ব নিৰ্মীয়মান চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণৰ কামৰ অগ্ৰগতি ৷
কলিয়াবৰ, 28 আগষ্টঃ কেন্দ্ৰীয় পথ পৰিবহণ আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া জেনেৰেল বিজয় কুমাৰ সিঙে বুধবাৰে কলিয়াভোমোৰা সেঁতুৰ নিৰ্মীয়মান দলং পৰিদৰ্শন কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে গুৱাহাটীৰ পৰা ইটানগৰলৈকে স্থলপথেৰে ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে বুলি মন্ত্ৰীগৰাকী মন্তব্য কৰে ৷ এই ভ্ৰমণ কালত নিৰ্মীয়মান চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'ব মন্ত্ৰী গৰাকীয়ে ৷ টোল গেট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, উন্নত মানদণ্ডৰ পথৰ সুবিধা পালে দুই এক পইচা জনসাধাৰণে নিশ্চয় খৰচ কৰিবলৈ ইচ্ছুক হ'ব ।
এই ভ্ৰমণ কালত আজি কলিয়াভোমোৰা সেতু নিৰ্মীয়ামান দলং পৰিদৰ্শন কৰে।
উন্নত মানদণ্ডৰ পথত টোল টেক্স জনসাধাৰণে দিব বুলি আশা প্ৰকাশ মন্ত্ৰীগৰাকীৰBody:ভাৰত চৰকাৰৰ আন্তঃগাঠনি উন্নয়মূলক কামৰ খটিয়ান লোৱাৰ যি প্ৰতিশ্ৰুতি যোৱা সময়ছোৱাত কেন্দ্ৰী পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে কৰিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য বুলি প্ৰকশ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক গতিশীলতা প্ৰদানৰ লক্ষ্য আগত ৰাখি গুৱাহাটীৰ পৰা গাড়ীৰে ইটানগৰলৈকে ভ্ৰমণ কাৰ্য্যসূচী হাতত লৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
এই ভ্ৰমণ সূচীত অসমৰ গুৱাহাটীৰ পৰা ইটানগৰলৈকে নিৰ্মীয়মান চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ নিৰ্মানৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'ব বুলি মন্ত্ৰী গৰাকীয়ে জনায়
উত্তৰ-পূৰ্বাঞ্চলন পথ নিৰ্মানৰ সময়ত কেনেধৰণৰ সমস্যা সূচীত হয় আৰু তাৰ নিৰাময় কিদৰে কৰিব পাৰি সেই লৈ এই ভ্ৰমণ কালত এক যোগাত্মক সিদ্ধান্ত উপনীত হ'ব পাৰিব বুলি ডনাৰ মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
টুল-গে'ট সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে কয় যে, উন্নত মানদণ্ডৰ পথৰ সুবিধা পালে দুই-এপইচা জনসাধাৰণে নিশ্চয় খৰচ কৰিব।
মন্ত্ৰী ৱিজয় কুমাৰ সিঙে কলিয়াভোমোৰা সেতুৰ নিৰ্মীয়মান নতুন দলং পৰিদৰ্শন কৰি নিৰ্মান কাৰ্য্যৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।Conclusion:visuals
bite