তেজপুৰ,৩ আগষ্ট : আজি শোণিতপুৰ জিলাৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস (Sonitpur District foundation day)। প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ মুহূৰ্তত সমগ্ৰ জিলাখনতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । জিলা প্ৰশাসনৰ তৰফৰ পৰাও কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰশাসনে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে জিলাখনৰ প্ৰতিষ্ঠা দিৱস ।
পুৱা চাইকেল ৰেলীৰে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হয় (Cycle rally to mark foundation day of Sonitpur)। জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই চাইকেল ৰেলী উদ্বোধন কৰে শোণিতপুৰ জিলাৰ ন্যায়াধীশ ছত্ৰ ভূষণ গগৈয়ে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সশস্ত্ৰ সীমাবলৰ জোৱানসকলেও এই ৰেলীত অংশগ্ৰহণ কৰে ৷ চাইকেল ৰেলীৰ উপৰিও পুৱাৰ ভাগত গছপুলি ৰোপণৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ।
ইফালে পুৱা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিলে বৰচলাৰ বিধায়ক গণেশ লিম্বুয়ে ৷ আনহাতে বিয়লি পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিব অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ বিয়লি মুকলি সভাত মন্ত্ৰী অশোক সিংঘালৰ লগতে চতিয়া, ৰঙাপৰা আৰু তেজপুৰৰ বিধায়কে বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা ৰাখিব ৷ উল্লেখ্য যে ১৯৮৩ চনৰ ৩ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে তেতিয়াৰ দৰং জিলাৰ পৰা শোণিতপুৰ জিলা পৃথক হৈ জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰে ।