ETV Bharat / state

তেজপুৰত ভুৱা চিকিৎসকৰ নাৰ্ছিং হ'ম ছিল কৰিলে প্ৰশাসনে - তেজপুৰত ভুৱা চিকিৎসকৰ নাৰ্ছিং হ'ম ছিল কৰিলে প্ৰশাসনে

এটি নৱজাতক বিক্ৰীৰ ঘটানৰ লগত জড়িত থকাৰ সন্দেহত যোৱা 13 ছেপ্টেম্বৰত ভুৱা চিকিৎসক মাজাহাৰুল হকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

District administration seized fraud doctor M. sultan's chamber
ভুৱা চিকিৎসক ডাঃ এম চুলতানৰ নাৰ্ছিং হ'ম ছিল কৰিলে প্ৰশাসনে
author img

By

Published : Sep 15, 2020, 8:29 PM IST

তেজপুৰ, 15 চেপ্তেম্বৰঃ এম বি বি এছৰ ভুৱা ডিগ্ৰীধাৰী স্বয়ম্ভু চিকিৎসক ডাঃ মাজাহাৰুল চুলতানৰ নাৰ্ছিং হ'ম ছিল কৰিলে প্ৰশাসনে ৷ মঙলবাৰে তেজপুৰ আৰক্ষীৰ সহযোগত তেজপুৰ মৰা ভৰলীৰ সমীপত থকা নাৰ্ছিং হ'ম খন ছিল কৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমাল মাহাটাই জনোৱা অনুসৰি,কেৱল উচ্চতৰ মাধ্যমিকৰ কলা শাখাত উত্তীৰ্ণ হৈ পেৰা মেডিকেলৰ শিক্ষা গ্ৰহণ কৰি নিজে এম বি বি এছ ডিপ্লোমাৰ কাৰ্ড আৰু ফলক মাৰি মানুহৰ চিকিৎসা কৰি আহিছিল এই গৰাকী ভুৱা চিকিৎসকে ৷ চিকিৎসকৰ ভুৱা ডিগ্ৰীৰে ৰোগীৰ জীৱনৰ লগত হেতালি খেলা এই গৰাকী স্বয়ম্ভু চিকিৎসকৰ বিৰুদ্ধে ইতিমধ্যেই তেজপুৰ থানাত 1506/2020 নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪493/420/109/370/34 ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

District administration seized fraud doctor M. sultan's chamber
ভুৱা চিকিৎসক ডাঃ এম চুলতানৰ নাৰ্ছিং হ'ম ছিল কৰিলে প্ৰশাসনে

উল্লেখ্য যে,এটি নৱজাতক বিক্ৰী ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত যোৱা 13 ছেপ্টেম্বৰত ভুৱা চিকিৎসক মাজাহাৰুল হকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা মতে,গুলজাৰ হুছেইন নামৰ এজন অভিযুক্তই এগৰাকী মহিলাৰ লগত অবৈধ সম্পৰ্ক কৰাৰ পিছত এইজন ভুৱা চিকিৎসকৰ ওচৰত প্ৰসৱ কৰোৱাই ৷ কিন্তু প্ৰসৱৰ পিছত সন্তানটিৰ মৃত্যু ঘটিছিল বুলি কয় যদিও সন্তানটি জীৱিত আছিল, আৰু পিচত গুলজাৰ হুছেইনে বিক্ৰী কৰিছিল ।

উক্ত ঘটনাৰ লগত ভুৱা চিকিৎসক মাজাহাৰুল চুলতান জড়িত থকাৰ কথা প্ৰমাণ হোৱাত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক গৰাকীক । পৰৱৰ্তী তদন্তৰ অন্তত মঙলবাৰে,জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সম্পূৰ্ণৰূপে ছিল কৰি দিয়ে ভুৱা চিকিৎসক গৰাকীৰ ছেম্বাৰ খন ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ 2021 চনৰ নিৰ্বাচন হ'ব জাতিৰ অগ্নি পৰীক্ষাঃ বৰষাৰাণী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.