তেজপুৰ,১৭নৱেম্বৰ: ভাৰতীয় সেনাই এমাহজোৰা কাৰ্যসূচীৰে ৱালং যুদ্ধৰ হীৰক জয়ন্তী উদযাপন কৰে (Diamond Jubilee of Battle of Walong)। এই যুদ্ধ আছিল পূব অৰুণাচল প্ৰদেশত চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অনন্য সাহস আৰু ত্যাগৰ এক গৌৰৱ উজ্জ্বল উদাহৰণ । ষাঠি বছৰ পূৰ্বে ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ৱালং যুদ্ধত ভাৰতীয় সেনাই চীনা সৈন্যৰ বিৰুদ্ধে বীৰত্ব প্ৰদৰ্শন কৰিছিল ।

উল্লেখ্য় যে ভাৰতীয় সেনাই ২৭ দিনলৈ ভাৰতৰ ভূমিলৈ আগবাঢ়ি অহা পিএলএ জোৱানসকলক প্ৰতিৰোধ কৰি ৰাখিছিল (PLA army)। ফলত পিএলএ টাৱাং ছেক্টৰৰ পৰা ৱালঙলৈকে নিজৰ ৰিজাৰ্ভ ডিভিজনৰ ওচৰ চাপিবলৈ বাধ্য হৈছিল । কম গোলা-বাৰুদ আৰু কোনো সম্পদ নোহোৱাকৈ সাহসী ভাৰতীয় সৈন্যসকলে অন্তিমজন সৈন্য তথা শেষ জাঁই গুলি থকালৈকে যুঁজিছিল । এই সাহস আৰু ত্যাগৰ কাহিনী নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ কাহিনী হিচাপে পৰিগণিত হৈ আহিছে ।

বিগত ১৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা মাহজোৰা হীৰক জয়ন্তী উদযাপন কাৰ্যসূচী ৱালঙত স্পিয়াৰ ক'ৰ্পছৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়ে (এভিএছএম, এছএম) উদ্বোধন কৰে । উক্ত উদ্বোধনী অনুষ্ঠানত জিঅ'চি গৰাকীয়ে যুদ্ধ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তদুপৰি যুদ্ধ প্ৰচেষ্টাত সহায় কৰা যুদ্ধৰ প্ৰবীণ আৰু স্থানীয় লোকসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
উদ্বোধনী অনুষ্ঠানত স্থানীয় ৰাইজে বিভিন্ন সঁজুলি প্ৰদৰ্শন কৰে । তদুপৰি সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয় । বুধবাৰে ৱালঙত ৱালঙৰ যুদ্ধৰ ঐতিহাসিক মাহজোৰা হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য বিষয়া ৰানা প্ৰতাপ কলিতা ৷ ৱালং যুদ্ধত অংশগ্ৰহণ কৰা ইউনিটসমূহৰ প্ৰতিনিধিও এই অনুষ্ঠানত উপস্থিত থাকে । এই উপলক্ষে বিভিন্ন দুঃসাহসিক ট্ৰেক,চাইকেল ৰেলী আৰু মটৰ চাইকেল অভিযানৰো আয়োজন কৰা হয় ।
১৯৬২ চনত সংঘটিত ৱালং যুদ্ধৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি অৰুণাচল প্ৰদেশতো ঐতিহাসিক আৰু দুঃসাহসিক ভ্ৰমণৰ আয়োজন কৰা হয় । ইপিনে,ৰয়িঙৰ পৰা ৱালঙলৈ চাইকেল ৰেলী, আপোনাৰ সেনাক জনা আৰু সঁজুলি প্ৰদৰ্শন, শিক্ষানুষ্ঠানত প্ৰেৰণাদায়ক বক্তৃতা আৰু চিত্ৰকলা প্ৰতিযোগিতা, পৰিষ্কাৰ আৰু সেউজ ৱালং ড্ৰাইভ, ৱালং মেলা আৰু চলচ্চিত্ৰ মহোৎসৱ,খেল মহোৎসৱ, মিনি মাৰাথন আৰু ৱালঙত পোহৰ আৰু শব্দ প্ৰদৰ্শনৰো আয়োজন কৰা হয় ।