ৰঙাপৰা,২৭ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ঢেকীয়াজুলিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । দুৰ্বৃত্তৰ দলে এটা পৰিয়ালৰ দুগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিছিল । মাতৃ জিলি ৰাভাক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰাৰ পিছত জীয়ৰী কৰবী ৰাভাৰ মৃতদেহ উদ্ধাৰ হৈছিল পথাৰত । আনহাতে পৰিয়ালটোৰ আন এগৰাকী সদস্য ৪ বছৰীয়া সেৱা ৰাভাকো চোকা অস্ত্ৰৰে আঘাত কৰে যদিও সম্প্ৰতি সুস্থ হৈছে শিশুটি । কিন্তু এই ঘটনাই ৬ দিন অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈ আৰক্ষীয়ে আটক কৰিব পৰা নাই দুৰ্বৃত্তৰ দলটোক । যাৰ বাবে বিভিন্ন দল-সংগঠন, স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত ইতিমধ্যে ৰাজপথলৈ ওলাই আহিছে দল-সংগঠনসমূহ । নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি ,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰসন্থা, এবছু,আটছা, আমছু, আগছু,নাৰী সুৰক্ষা সংগ্ৰাম সমিতিকে ধৰি ৩০ টাৰো অধিক দল সংগঠনৰ কৰ্মীৰ লগতে ১০ সহস্ৰাধিক ৰাইজে শুকুৰবাৰে ঢেকীয়াজুলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ৪৮ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদান নকৰিলে আগন্তুক সময়ত প্ৰতিবাদ আৰু ভয়ানক হ'ব বুলি ঘোষণা কৰে প্ৰতিবাদকাৰীসকলে ।