ETV Bharat / state

Deer Rescued in Gohpur: গহপুৰত 6 টাকৈ হৰিণা উদ্ধাৰ

author img

By

Published : Jul 19, 2023, 8:56 PM IST

বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বানৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বনৰীয়া জীৱ-জন্তুৱে ৷ গহপুৰ দক্ষিণাঞ্চলৈ বানত উটি আহিছে কেইবাটাও হৰিণ ৷ 6 টাকৈ মৃত হৰিণা উদ্ধাৰ ৷

Deer Rescued in Gohpur
গহপুৰত 6 টাকৈ হৰিণা উদ্ধাৰ
গহপুৰত 6 টাকৈ হৰিণা উদ্ধাৰ

বিশ্বনাথ, ১৯ জুলাই: ৰাজ্যত হোৱা ধাৰাষাৰ বৰষুণে বিপদ মাতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানখনৰ কেইবাটাও বন শিবিৰ বানত ডুব গৈছে ৷ বানত ডুব গৈছে কাজিৰঙাৰ বিভিন্ন এলেকা ৷ যাৰ বাবে হাহাকাৰ বন্যপ্ৰাণীৰ । বানৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বনৰীয়া জীৱ-জন্তুৱে । নিৰাপদ আৰু আশ্ৰয়ৰ বাবে জনাঞ্চলটো প্ৰৱেশ কৰিছে বন্য জন্তু সমূহ ৷

ইফালে বন সুৰক্ষা কৰ্মীয়ে বন্য প্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বানপানী আক্ৰান্ত এলেকা সমূহত পহৰা অব্যাহত ৰাখিছে । বিশেষকৈ বিশ্বনাথৰ গহপুৰ দক্ষিণাঞ্চলৈ বানত বহুতো জীৱ জন্তু পানীত উটি অহা পৰিলক্ষিত হৈছে। দক্ষিণাঞ্চলৰ গাতে লাগি থকা কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা বিশেষকৈ হৰিণাসমূহ ওলাই অহা পৰিলক্ষিত হৈছে ৷

শেহতীয়াকৈ ইটোৰ পিছত সিটো হৰিণৰ মৃত্যুৱে চিন্তিত কৰি তুলিছে সকলোকে । আনহাতে গমিৰি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত দুই-তিনি দিনৰ ভিতৰত 6 টাৰো অধিক হৰিণ মৃত্যু হোৱা তথ্য প্ৰকাশ কৰিছে বন বিভাগে । বানৰ বাবে হৰিণসমূহৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগে । তদুপৰিও দুষ্ট চক্ৰৰ আক্ৰমণতো হৰিণাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷

আনফালে গহপুৰ মহকুমা গোপালজাৰনি বন শিবিৰ এলেকাতো জীৱন্তে বহু পহু উদ্ধাৰ কৰিছে ৷ যাতে পহুৰ আৰু মৃত্যু নহয় তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বন কৰ্মীয়ে ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ ৪ টা বন শিৱিৰৰ লগতে বাগৰি বনাঞ্চলৰ ৬ টা বন শিৱিৰ বানৰ কবলত।

লগতে পঢ়ক:Flood in Kaziranag National Park:বছৰৰ দ্বিতীয়টো বানত জলমগ্ন হ’ল কাজিৰঙা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.