ETV Bharat / state

Y20 Summit in Assam: G20 শীৰ্ষ সন্মিলনৰ Y20 সন্মিলনলৈ নিৰ্বাচিত তেজপুৰৰ দৰং মহাবিদ্যালয়

author img

By

Published : Jan 10, 2023, 6:22 PM IST

জি-২০ শীৰ্ষ সন্মিলনৰ যুৱ-২০ সন্মিলনলৈ তেজপুৰৰ দৰং মহাবিদ্যালয় নিৰ্বাচিত (Darrang college selected to Y20 summit) । অহা ২ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব যুৱ-২০ সন্মিলন । উল্লেখ্য, এইবাৰ G-20 সন্মিলনৰ সভাপতিত্বত আছে ভাৰত ।

Tezpur
Tezpur

তেজপুৰ, ১০ জানুৱাৰী : ভাৰতবৰ্ষৰ অধ্যক্ষতাত প্ৰথমবাৰৰ বাবে জি-২০ (G20 summit) যুৱ-২০ (Y20 summit in Assam) সন্মিলনৰ বাবে সাজু হৈছে অসম । আগন্তুক ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখৰ পৰা এই সন্মিলনৰ অংশীদাৰ হৈ প্ৰথমবাৰৰ বাবে অসমো সাজু হৈ উঠিছে । অহা ২ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব G20 আৰু Y20 অৰ্থাৎ যুৱ-২০ সন্মিলন (India presidency in G20 summit) । ইয়াত বিশ্বৰ ২০ দেশৰ লগতে ইউৰোপিয়ান দেশেও অংশগ্ৰহণ কৰিব ।

ভাৰতৰ সভাপতিত্বত এইবাৰ জি-২০ সন্মিলন
ভাৰতৰ সভাপতিত্বত এইবাৰ জি-২০ সন্মিলন

জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন যুৱ-২০ শীৰ্ষ সন্মিলনত কামৰ ভৱিষ্যতৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । ইয়াৰ উপৰি জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, শান্তি প্ৰতিষ্ঠা আৰু মিলন আৰু গণতন্ত্ৰত যুৱক-যুৱতীৰ ভূমিকা সন্নিৱিষ্ট থাকিব । শুকুৰবাৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে (sports minister Anurag Thakur) নতুন দিল্লীত যুৱ-২০ সন্মিলনৰ বিষয়বস্তুৰ লগতে ইয়াৰ ল’গ’ আৰু ৱেবছাইট মুকলি কৰে ।

এই জি -২০ শীৰ্ষ সন্মিলনৰ বাবে অসমৰ প্ৰত্যেকখন জিলাৰ একোখন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব বুলি জানিব পৰা গৈছে । শোণিতপুৰ জিলাৰ তেজপুৰৰ দৰং মহাবিদ্যালয় এই সন্মিলনলৈ নিৰ্বাচিত হৈছে (Darrang college selected to Y20 summit) । আগন্তুক ১৮ জানুৱাৰীৰ পৰা দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বাছনি কৰি অসমত অনুষ্ঠিত হ'বলগা এই সন্মিলনলৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব বুলি জানিবলৈ দিয়ে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পলাশমণি শইকীয়াই ।

অসমত জি-২০ সন্মিলন
অসমত জি-২০ সন্মিলন

আনহাতে, অসমত ২-৩ ফেব্ৰুৱাৰীত জি-২০ ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব । ইয়াৰ পিছত ৬-৮ ফেব্ৰুৱাৰীত Y20 অনুষ্ঠিত হ'ব গুৱাহাটীত । তাৰ পিছত ১৩-১৫ মাৰ্চত গুৱাহাটীত আৰু ২৩-২৪ মাৰ্চত উজনি অসমৰ ডিব্ৰুগড়ত আৰু ৩-৪ এপ্ৰিলত পুনৰ গুৱাহাটীত জি-২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য, এই সন্মিলনৰ সদস্য ৰাষ্ট্ৰ হৈছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, দক্ষিণ কোৰিয়া, জাপান, মেক্সিকো, ৰাছিয়া, চৌডি আৰব, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘ । এই জি-২০ শীৰ্ষ সন্মিলনৰ প্ৰধান উদ্দেশ্য হৈছে ঔদ্যোগিক আৰু উন্নয়নশীল উভয় দেশৰ বিশ্বৰ অধিকাংশ মহান অৰ্থনীতি জি-২০ গঠন কৰাটো ।

একেলগে এই দেশকেইখনে বিশ্বৰ জনসংখ্যাৰ দুই তৃতীয়াংশ, মুঠ বিশ্বৰ উৎপাদনৰ (GWP) ৮০%, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৭৫% আৰু উপগ্ৰহটোৰ পৃষ্ঠভাগৰ ৬০% প্ৰতিনিধিত্ব কৰে । ১৯৯৯ চনত বিশ্বৰ বিভিন্ন অৰ্থনৈতিক সমস্যাৰ প্ৰতি সঁহাৰি জনাই জি-২০ গঠন কৰা হয় । ২০০৮ চনৰ পৰা বছৰত কমেও এবাৰ ইয়াৰ বৈঠক অনুষ্ঠিত হয়, য'ত ৰাষ্ট্ৰ বা চৰকাৰৰ মুৰব্বী, বিত্তমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু প্ৰতিজন সদস্যৰ অন্যান্য শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে । ইয়াত ইউৰোপীয় সংঘক ইউৰোপীয় আয়োগ আৰু ইউৰোপীয় কেন্দ্ৰীয় বেংকে প্ৰতিনিধিত্ব কৰে । এই সন্মিলনসমূহত অন্যান্য ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু অনা লাভজনক সংস্থাসমূহৰ অংশগ্ৰহণৰ বাবে মুকলি থাকে । ইয়াৰে কিছুমানক নিৰন্তৰভাৱে আমন্ত্ৰণ জনোৱা হয় ।

লগতে পঢ়ক :Financial Aids to Dipak Sarma : দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ ১ লাখ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.