ETV Bharat / state

landslide in Sikkim:উত্তৰ ছিকিমৰ ভূমিস্খলনত বিধ্বস্ত পথ পুনৰ মুকলি

author img

By

Published : Jul 18, 2023, 7:14 PM IST

ছিকিমত ভয়াবহ ভূমিস্খলন । গেংটকৰ পৰা চুংথাং পথৰ ৰাফাংখোলা আৰু লান্থখোলাত একাধিক অঞ্চলত ভূমিস্খলন ।

Massive landslide in Sikkim
ভয়াবহ ভূমিস্খলন

তেজপুৰ, ১৮ জুলাই : বাৰিষা হোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ লগতে পাহাৰীয়া অঞ্চলৰ বাবে এক দুৰ্যোগৰ সময় আহি পৰে । কিয়নো এই সময়ত পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলন হ'বলৈ ধৰে । আন পাহাৰীয়া অঞ্চলৰ লেখীয়াকৈ ছিকিমতো এই সময়ত হয় ভয়াবহ ভূমিস্খলন । ইয়াত বাৰিষা সময়ত বিশেষকৈ মে'ৰ পৰা ছেপ্টেম্বৰ মাহলৈকে অবিৰত বৰষুণ হ'বলৈ ধৰে । আনহাতে ,ছিকিম জুলাই মাহৰ ভিতৰত আটাইতকৈ দুৰ্বিসহ হৈ পৰে ৰাজ্য়খনৰ যাতায়াত । ইয়াত প্ৰতিমাহে প্ৰায় ৬০০-৭০০ মিলিমিটাৰ বৰষুণ হয় । কিন্তু যোৱা এসপ্তাহত অবিৰত বৰষুণে স্থানীয় জনসাধাৰণৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে ।

ধাৰাসাৰ বৰষুণৰ বাবে যোৱা ১৪ জুলাইত গেংটকৰ পৰা চুংথাং পথৰ ৰাফাংখোলা আৰু লান্থখোলাত একাধিক অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমলৈ যোৱা পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । ইয়াৰ ফলত স্থানীয় লোক আৰু পৰ্যটকৰ লাচেন আৰু লাচুং উপত্যকালৈ চলাচলত বাধাৰ সৃষ্টি হয় । লাচেন আৰু লাচুং উপত্যকাত আবদ্ধ হৈ আছে ১৪০০ৰো অধিক পৰ্যটক আৰু ১৩০খন বাহন । অত্যাৱশ্যকীয় সামগ্ৰী আৰু জৰুৰীকালীন সেৱাৰ প্ৰবাহতো বিৰূপ প্ৰভাৱ পৰে ।

উত্তৰ ছিকিমৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত বৃহৎ সংখ্যক সেনাৰ বাবে পথ মুকলি কৰাটো জটিল হে পৰে । ব'ৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট স্বস্তিকৰ কৰ্মদ্যোগীসকলে দ্ৰুত গতিত উক্ত অঞ্চলত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ দলসমূহক সংগঠিত কৰি দুখন এক্সকেভেটৰ আৰু এটা ডজাৰ নিয়োগ কৰি তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে পথটো সম্পূৰ্ণ কৰে । বি আৰ অ'ৰ মুঠ ১৬০ জন সাহসী জোৱানে প্ৰতিকূল পৰিস্থিতিৰ বতৰত দিনে-নিশাই কাম কৰি গুৰুত্বপূৰ্ণ পথটো পুনৰ যোগাযোগ বাবে উপযোগী কৰি তোলে । ৰাজ্যখনৰ প্ৰশাসন আৰু সেনাৰ সমন্বয়ত যুদ্ধকালীন প্ৰস্তুতিৰে এই কাম কৰা হৈছে । বি আৰ অ' কৰমোগিছৰ অদম্য প্ৰচেষ্টাই তিনিদিনৰ অভিলেখ সময়ৰ ভিতৰত পথ মুকলি কৰে বুলি জানিব দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ।

লগতে পঢ়ক:Modi surname case: ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰাখিব লাগে; উচ্চতম ন্যায়ালয়ত আবেদন কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.