তেজপুৰ, 26 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ ত্ৰাস চলি থকাৰ মাজতে দেওবাৰে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন দুধৰ্ষ ডকাইতক ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ ঘৰৰ লগতে জামুগুৰিহাট,পুংপানী আৰু বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা কাছেম আলি নামৰ দুধৰ্ষ ডকাইতজনক শোণিতপুৰ আৰক্ষীয়ে এটা পিস্তল সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
তথ্য অনুসৰি, মুঠ ৫ জনীয়া এটা ডকাইতৰ দলৰ নেতৃত্ব দিছিল কাছেম নামৰ লোকজনে ৷ লোকজনৰ পৰা আৰক্ষীয়ে এটা হাতেসজা পিস্তল,সোনৰ অলংকাৰ,এখন KTM বাইক আৰু মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে,চিলবৰী অঞ্চলত নিশা ডকাইটি কৰিবলৈ যোৱাৰ সময়ত এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰাৰো অভিযোগ উখাপন হৈছিল কাছেমৰ নেতৃত্বত যোৱা ডকাইতৰ দলটোৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত পুংপানী অঞ্চলৰ নিজ গৃহৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাছেমক ৷ আৰক্ষীয়ে আন চাৰিগৰাকী সহযোগীৰ বিৰূদ্ধে বৰ্তমানে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : বিলাই-বিপত্তি কমা নাই কাজিৰঙাৰ জীৱকূলৰ