তেজপুৰ,৭ মাৰ্চ : তেজপুৰৰ এইতিহাসিক দ-পৰ্বতীয়া প্ৰৱেশদ্বাৰ বা তোৰণ । এই শৈল ভাস্কৰ্যৰ কৃতি অবৰ্ণনীয় । গুপ্তযুগতে শিলত খোদিত কৰা এই ধৰণৰ শৈল ভাস্কৰ্য পৰৱৰ্তী সময়ত পোৱা গৈছিল । এই শৈল ভাস্কৰ্যত দেখিবলৈ পোৱা যায় অনুনাকী সদৃশ দৃশ্য অৰ্থাৎ সৰ্পৰ আকৃতি । অনুনাকীৰ ওপৰত চিন্তা কৰাৰ প্ৰয়োজন আছে নেকি !
এই তোৰণৰ দুয়ো কাষে গঙ্গা আৰু যমুনাৰ চিন দেখিবলৈ পোৱা যায় । বৰ্তমান পুৰাতত্ব বিভাগে এই সকলো শিলা লিপি সংৰক্ষণ কৰি ৰাখিছে । প্ৰবাদ মতে খ্ৰীষ্টপূৰ্ব ৪,৪৫০০ বছৰ পূৰ্বে নিবিৰু গ্ৰহৰ পৰা দেৱতা সকল আহিছিল আৰু তেওঁলোকৰ পৰাই আৰম্ভ হয় এই সৰীসৃপ সদৃশ প্ৰাণীৰ । পশু পক্ষীৰ মুখৰ আকৃতিৰ মানৱ সদৃশ পাখি লগা আৰু সৰীসৃপ শ্ৰেণীৰ ভাস্কৰ্য বোৰক অনুনাকী বুলি ইতিমধ্যে গৱেষণা কৰা হৈছে ।
পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মগ্ৰন্থত এনে অনুনাকী মনকৰিবলগীয়া ।বহু পণ্ডিতৰ মতে এইয়া বহি বিশ্বৰ উন্নত প্ৰাণীৰ চিহ্ন । ভাৰতবৰ্ষত ই নাগ ৰূপে বিদ্যমান । এইয়া কিমান পুৰণি সেয়া ঠাৱৰ কৰিব পৰা হোৱা নাই । তেজপুৰৰ দ-পৰ্বতীয়া শৈল দ্বাৰ ব্ৰহ্মচাৰী সত্ৰৰ আৰু বামুনী পাহাৰৰ শৈল ভাস্কৰ্যতো নাগৰ উপস্থিতি ধৰা পৰাত ইয়াক ন-কৈ চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি জানিব দিয়ে তেজপুৰৰ শান্তনু বৰুৱাই ।
লগতে পঢ়ক :