ETV Bharat / state

প্ৰধানমন্ত্ৰী ধনজন যোজনাৰ আঁচনি ধন বিতৰণক লৈ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Apr 19, 2020, 4:46 PM IST

অনিয়মৰ উচিত তদন্ত কৰিবলৈ জিলা উপায়ুক্ত গৰাকীক দাবী জনাইছে বঞ্চিত হিতাধিকাৰী ৰাইজে ৷

Crisis situation at Rangapara due to PMJDY fund distribution
প্ৰধানমন্ত্ৰী ধনজন যোজনাৰ আঁচনি ধন বিতৰণক কেন্দ্ৰ কৰি ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি

ৰঙাপৰা,19 এপ্ৰিল: লক ডাউন চলি থকাৰ মাজতে দেওবাৰে শোণিতপুৰৰ ৰঙাপৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ৰঙাপৰাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ ৰেচন কাৰ্ড নথকা লোকসকলৰ মাজত চৰকাৰী আঁচনিৰ ধন বিতৰণক লৈ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে একাংশ লোকে ৷ ৰেচন কাৰ্ড নথকা হিতাধিকাৰী ৰাইজে চৰকাৰে ঘোষণা কৰা সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভতে উত্তপ্ত কৰি তোলে পৰিস্থিতি ৷ একাংশ বঞ্চিত ৰাইজে ৰঙাপৰা পৌৰসভাৰ 1 নং ৱাৰ্ড সদস্যা উমা দেৱী শ্বাহৰ বাসগৃহৰ সন্মুখত উপস্থিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ ক্ষুব্ধ ৰাইজে লক ডাউনৰ মাজতে ৱাৰ্ড সদস্যা গৰাকীক জবাবদিহি কৰাৰ লগতে তেখেতক নানান প্ৰশ্নৰে থৰকা-সৰকা কৰে ৷

উল্লেখ্য যে ৱাৰ্ডটোত বসবাস কৰি থকা দৰিদ্ৰ হিতাধিকাৰীক নিৰ্বাচিত কৰাৰ বিপৰীতে ধনী পৰিয়ালক এহেজাৰ টকা আগবঢ়াই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উমা দেৱী শ্বাহৰ বিৰুদ্ধে ৷ ইফালে সুলভ মূল্যৰ পৰিচয় পত্ৰ নথকা 50 গৰাকী হিতাধিকাৰীক বেংকৰ জৰিয়তে এহেজাৰ টকা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে ৱাৰ্ড সদস্যা গৰাকীৰ স্বামীয়ে সদৰী কৰে যে চৰকাৰী ধন বিতৰণত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই ৷ অৱশেষত ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ এটা দল উপস্থিত হোৱাৰ কথা জানিব পাৰি উক্ত স্থানৰ পৰা আঁতৰি যায় সমবেত হোৱা ৰাইজ ৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতিনিধিৰ কৰ্মকাণ্ডক সহজ ভাৱে ল'ব পৰা নাই ৰঙাপৰাৰ সচেতন মহলে ৷ চৰকাৰী ধন জন যোজনাৰ ধন বিতৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ উচিত তদন্ত কৰিবলৈ জিলা উপায়ুক্ত গৰাকীক দাবী জনাইছে বঞ্চিত হিতাধিকাৰী ৰাইজে ৷

লগতে পঢ়কঃ লক ডাউনৰ সকলো খবৰঃ ক’ত কি ঘটিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.