তেজপুৰ, 1 জুন : চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বাৰম্বাৰ ক'ভিড (Covid) ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে যদিও ক'তো পাবলৈ নাই ক'ভিড ভেকচিন ৷ ৰাজ্যৰ অধিকাংশ ভেকচিন প্ৰদান কেন্দ্ৰতে এতিয়া ভেকচিনৰ নাটনি ৷ যাৰ বাবে এতিয়া ক'ভিড প্ৰতিষেধন ল'বৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ লোকে ৷
উত্তৰ অসমৰ শোণিতপুৰ জিলাৰ আঞ্চলিক ভেকচিন সংৰক্ষণ কেন্দ্ৰত ক’ভেক্সিনৰ (Covaxin) দ্বিতীয়টো প্ৰতিষেধক আৰু ক’ভিশ্বীল্ডৰ (Covishield) নাটনিয়ে দেখা দিছে ৷ জিলাখনত ৩১ মে'ৰ লৈকে ১,৮৫,৪০৪ গৰাকীয়ে ভেকচিন গ্ৰহণ কৰিছে ৷ ইয়াৰ ভিতৰত ১,৩৪,১৫৪ গৰাকীয়ে প্ৰথম পালি আৰু ৫১,২৫০ জনে দ্বিতীয় পালি গ্ৰহণ কৰিছে ৷
মন কৰিবলগীয়া যে, জিলাখনত এতিয়াও বহু লোকে ক'ভিড দ্বিতীয় পালি ভেকচিন ল'বলৈ বাকী আছে ৷ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা এমাহ পাৰ হৈ যোৱাৰ পাচতো দ্বিতীয় পালি ভেকচিনৰ বাবে হাহাকাৰ কৰিছে একাংশ লোকে ৷ ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন শোণিতপুৰ জিলাৰ তৰফৰ পৰা ফেচবুক জৰিয়তে কভাকচিনৰ দ্বিতীয়টো প্ৰতিষেধক আৰু কোভীষিল্ডৰ নাটনিয়ে দেখা দিয়াৰ কথা প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: ক'ভিড-১৯: আইনী কাম-কাজ বন্ধৰ বাবে আৰ্থিক সংকটত অধিবক্তা, ভেণ্ডৰ