ETV Bharat / state

Protest in Rangapara: প্ৰতিবাদী শ্লোগানত উত্তাল ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়

author img

By

Published : Jul 29, 2022, 8:05 PM IST

বিগত কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বামপন্থী দল CPI(M)য়ে(Protest programme of CPIM continues across Assam) । বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে দলটোৱে । শুকুৰবাৰেও ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপূৰ জিলাৰ ৰঙাপৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে CPI(M)য়ে(CPIM protest in Rangapara) ।

cpim protest in rangapara demanding solution to various problems
প্ৰতিবাদী শ্লোগানত উত্তাল ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়

ৰঙাপাৰা,২৯ জুলাই: ৰাজ্যজুৰি অব্যাহত CPI(M) ৰ প্ৰতিবাদী কাৰ্যসূচী(Protest programme of CPIM continues across Assam) । বিগত কেইবাদিনো ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বামদলটোৱে । বিগত কেইদিনৰ দৰে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ৰঙাপৰাটো শুকুৰবাৰে দলটোৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(CPIM protest in Rangapara) ।

Protest in Rangapara: প্ৰতিবাদী শ্লোগানত উত্তাল ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়

শুকুৰবাৰে চি পি আই (এম)য়ে বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে শোণিতপুৰ জিলাৰ ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদ । ৰঙাপৰা স্থানীয় কমিটিৰ সদস্য-সদস্যাসকলে হাতে হাতে ৰঙা পতাকা, বেনাৰ-ফেষ্টুন আদি লৈ অত্যাৱশ্যকীয় খাদ্য দাম ৰোধ কৰা(CPIM protest against price hike), বানপানীত ক্ষতিগ্ৰস্ত লোকক পৰ্যাপ্ত সাহাৰ্য্য প্ৰদান কৰা, এম জি এনৰেগা অধীনত বছৰত ২০০ দিনৰ কাম দিয়াৰ ব্যৱস্থা কৰা, গাঁও পঞ্চায়ত সমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহহীন লোকৰ বাবে থকা ঘৰৰ কৰা আদি প্ৰধান দাবী সমূহ সমাধান কৰাৰ দাবীত বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদস্থলীত উপস্থিত হয় ৰঙাপৰা উন্নয়ন খণ্ডৰ বিষয়া নিশিনাথ শৰ্মা । খণ্ড উন্নয়ণ বিষয়াগৰাকী উপস্থিত হোৱাত চি পি আই (এম)ৰ নেতা তৰুণ দত্ত লহকৰ আৰু ভবানন্দ ৰায়ে বিষয়াগৰাকীৰ জৰিয়তে ৮টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । অতি শীঘ্ৰে এই দাবী সমূহ পূৰণ নকৰিলে ভৱিষ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে দলটোৰ নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক: গছত পোক, শ্ৰেণীকোঠাত পোক: পোকৰ উপদ্ৰৱত আধাতে ছুটী দিব লগা হ'ল বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.