ETV Bharat / state

মূল্যবদ্ধিৰ বিৰোধিতাৰে তেজপুৰত CPI(ML)ৰ প্ৰতিবাদ - CPI protest from 16th June to 30 June

যোৱা ১৬ জুনৰ পৰাই মূল্যবৃদ্ধি(PRICE HIKE) নিয়ন্ত্ৰণৰ দাবীত দেশজুৰি প্ৰতিবাদ(PROTEST) সাব্যস্ত কৰিছে CPI দলে । বুধবাৰে অন্তিম দিনটোত তেজপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে CPI, CPI(M), CPI(ML) আৰু RCPIৰ সদস্যসকলে । দৰিদ্ৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে ১০ কেজি খাদ্যশস্য বিনামূলীয়াকৈ যোগান ধৰা দাবী জনায় দলটোৱে ।

CPI protest against price hike
মূল্যবদ্ধিৰ বিৰোধিতাৰে তেজপুৰত CPIৰ প্ৰতিবাদ
author img

By

Published : Jun 30, 2021, 6:36 PM IST

তেজপুৰ, ৩০ জুন: ক'ভিড-১৯(COVID-19) মহামাৰীয়ে জনস্বাস্থ্য আৰু জীৱিকালৈ ভয়াৱহ সংকট অনাৰ সময়তে অভাৱনীয় হাৰত বৃদ্ধি পাইছে পে'ট্ৰল-ডিজেলৰ মূল্য । সমান্তৰালকৈ বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য । এফালে ক'ভিডত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে, আনফালে উপাৰ্জনৰ বাট বন্ধ হৈ পৰাত দৰিদ্ৰ লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷

এনে পৰিস্থিতিতো কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে । বুধবাৰে তেজপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে CPI, CPI(M), CPI(ML) আৰু RCPIৰ সদস্যসকলে । তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে, ক'ভিডসৃষ্ট সংকটকালত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে জনসাধাৰণক লৈ হেতালি খেলিছে ।

CPI protest against price hike
মূল্যবদ্ধিৰ বিৰোধিতাৰে তেজপুৰত CPIৰ প্ৰতিবাদ

এই পৰিস্থিতিত দৰিদ্ৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে ১০ কিলোগ্ৰাম খাদ্যশস্যৰ যোগান ধৰাৰ লগতে আয়কৰ দিব নলগীয়া প্ৰতিটো পৰিয়ালক আগন্তুক ৬ মাহৰ বাবে মাহে ৭৫০০ টকাকৈ দিবলৈ দাবী জনায় CPI(ML)ৰ সদস্যসকলে ।

লগতে পে'ট্ৰল-ডিজেল আৰু ঔষধৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈয়ো দাবী জনায় ৷ বুধবাৰে তেজপুৰত ক'ভিড প্ৰট'কল মানি CPI, CPI(M), CPI(ML) আৰু RCPIৰ সদস্যসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । CPI(ML)ৰ সাধাৰণ সম্পাদক ৰুবুল শৰ্মাই কয় যে, কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও বৰ্তমান ক'ভিড মহামাৰীৰ সময়ত মূল্যবৃদ্ধি ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । চৰকাৰৰ এনে দায়িত্বহীন কাণ্ডই জনসাধাৰণক সংকটৰ মাজলৈ ঠেলি দিছে বুলি তেওঁ অভিযোগ তোলে ।

উল্লেখ্য যে, যোৱা ১৬ জুনৰ পৰাই মূল্যবৃদ্ধি(PRICE HIKE) নিয়ন্ত্ৰণৰ দাবীত দেশজুৰি প্ৰতিবাদ(PROTEST) সাব্যস্ত কৰিছে CPI দলে । বুধবাৰে অৰ্থাৎ ৩০ জুনত তেওঁলোকৰ প্ৰতিবাদৰ অন্ত পৰে । বিগত দিনকেইটাত দেশৰ বিভিন্ন ৰাজ্যত বাওঁপন্থী দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য ৰোধত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তোলাৰ লগতে চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক:নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ উদ্ধোধন কৰা দলঙৰ শোচনীয় অৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.