ETV Bharat / state

যিকোনো সময়তে লক ডাউন হ'ব পাৰে শোণিতপুৰ জিলাত

author img

By

Published : Aug 1, 2020, 3:18 PM IST

কৰ'ণা ভাইৰাছৰ অত্যাধিক সংক্ৰমণে ক্ৰমে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাত ৷ স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি জিলা প্ৰসাশনে গ্ৰহণ কৰিব লক ডাউনৰ সিদ্ধান্ত ৷

শোণিতপুৰ জিলা
শোণিতপুৰ জিলা

তেজপুৰ, 1 আগষ্ট: শোণিতপুৰত ক্ৰমবৰ্ধমান কৰ'ণাৰ সংক্ৰমণ ৷ যিকোনো সময়তে জিলা প্ৰশাসনে ল'ব পাৰে লক ডাউনৰ সিদ্ধান্ত ৷ এই বিষেয় জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷ উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি,জিলাখনত প্ৰতিদিনেই অব্যাহত থকা ৰেপিড এণ্টিজেন টেষ্টত এটা দিনতে এহেজাৰ লোকৰ ভিতৰত 100 তকৈয়ো অধিক লোকৰ দেহত ধৰা পৰে পৰিছে কৰ'ণাৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে শুকুৰবাৰে নিশালৈ জিলাখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১৩৪১ গৰাকীলৈ ৷

যিকোনো সময়তে লক ডাউন হ'ব পাৰে শোণিতপুৰ জিলাত

আনহাতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে ১১২ গৰাকীলৈ ৷ কাৰাগাৰৰ ভিতৰতে ভিতৰতে আৰম্ভ কৰা হৈছে COVID কেয়াৰ কক্ষ ৷ সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু পৰুৱাৰ ২০০ খন বিচনাযুক্ত চিকিৎসালয়ত চলি আছে ৭০১ COVID ৰোগীৰ চিকিৎসা ৷ উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে,লক ডাউনৰ সিদ্ধান্ত লোৱা হ'ব স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ অন্তত ৷

লগতে পঢ়ক: পৱিত্ৰ ঈদৰ দিনাই লাফিকুল হত্যাৰ ন্যায় বিচাৰি ABMSUৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.