ETV Bharat / state

তেজপুৰ ক’ভিড চিকিৎসালয়ৰ পৰা পলায়ন মুকুন্দ কাকতিৰ

author img

By

Published : May 22, 2021, 2:15 PM IST

শনিবাৰে তেজপুৰ পৰোৱা ক’ভিড হাস্পতালৰ পৰা পলায়ন কৰিছে এগৰাকী ক’ভিড ৰোগীয়ে ৷ ৰোগী গৰাকীৰ নাম হৈছে মুকুন্দ কাকতি ৷

তেজপুৰ ক’ভিড চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড ৰোগী

তেজপুৰ,22 মে': তেজপুৰ পৰোৱা ক’ভিড হাস্পতালত সংঘটিত হৈছে এক অঘটন ৷ শনিবাৰে তেজপুৰ পৰোৱা ক’ভিড হাস্পতালৰ পৰা পলায়ন কৰিছে এগৰাকী ক’ভিড ৰোগীয়ে ৷ ৰোগী গৰাকীৰ নাম হৈছে মুকুন্দ কাকতি ৷

এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ৰাজ্যৰ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে, কেনেকৈ সম্ভৱ চৰকাৰী হাস্পতালৰ পৰা ক’ভিড ৰোগী পলায়ন কৰাটো ? অধীক্ষকৰ দাবী দিনে নিশাই হাস্পতালত থাকে নিৰাপত্তাৰক্ষী ৷ শোণিতপুৰ আৰক্ষীৰ দুৰ্বলতাৰ বাবেই তেজপুৰত এই কাণ্ড সংঘটিত হৈছে বুলি অভিযোগ উঠিছে ৷

উল্লেখ্য যে, কেৱল মাত্ৰ এজন সুৰক্ষাকৰ্মীয়েহে এই হাস্পতালত কৰ্তব্যত থকা দৃষ্টিগোচৰ হৈছে ৷ পৰোৱা চিকিৎসালয়ত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ গাফিলতি আৰু আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই শনিবাৰে ৰোগী পলায়নৰ সুযোগ পালে বুলি একাংশই অভিযোগ তুলিছে ৷

ইতিমধ্যে, নৱনিযুক্ত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে হাস্পতাল পৰিদৰ্শন কৰি ইয়াৰ ব্যৱস্থা লোৱা হ’ব বুলি অৱগত কৰে ৷ কিন্তু এয়া শোণিতপুৰ আৰক্ষীৰ গাফিলতি আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব জ্ঞানহীনতা যে সেয়া পুনৰ প্ৰমাণ হ’ল তেজপুৰ পৰোৱা ক’ভিড হাস্পতালত ৷

লগতে পঢ়ক: কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.