তেজপুৰ,21 মে': শুকুৰবাৰে তেজপুৰৰ পৰোৱা ক’ভিড হাস্পতালৰ পৰা এগৰাকী ক’ভিড আক্ৰান্ত লোকে পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, প্ৰায় 60 বছৰ বয়সীয়া পলাতক লোকজনৰ নাম মুকুন্দ বড়ো ৷ উল্লেখ্য যে, পলাতক মুকুন্দ বড়োৰ ঘৰ ঢেকিয়াজুলিৰ পানবাৰীত ৷
শুকুৰবাৰে দিনৰ ভাগতেই চিকিৎসালয়ৰ পৰা পলায়ন কৰে বড়োৱে ৷ লোকজনৰ পৰিয়ালে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত তেজপুৰৰ মহাভৈৰৱ আৰক্ষীত এখন এজাহাৰ দাখিল কৰিছে ৷ এই ঘটনাৰ পিছতে শোণিতপুৰ জিলাৰ উপায়ুক্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
আনহাতে, শুকুৰবাৰৰ দিনটোত শোণিতপুৰ জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা হ’লগৈ 360 গৰাকী ৷ জিলাখনত শুকুৰবাৰৰ দিনটোত 3 গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷
লগতে পঢ়ক : ব্যাপক অৰ্থনৈতিক দুৰৱস্থাৰ দিশে গাড়ী ব্যৱসায়ৰ লগত জড়িত লোক