ETV Bharat / state

লখৰা সাপ্তাহিক বজাৰত ক'ভিড প্ৰট'কল ভংগ গ্ৰাহক-ব্যৱসায়ীৰ - কৰ'ণা মহামাৰী

শোণিতপুৰ জিলাৰ সাপ্তাহিক বজাৰত গ্ৰাহক তথা ব্যৱসায়ীৰ ক'ভিড প্ৰট'কল ভংগ ৷ সামগ্ৰী ক্ৰয় কৰিবলৈ অহা একাংশ লোকে মাস্ক পৰিধান নকৰি সামাজিক দুৰত্ব ভংগ কৰা পৰিলক্ষিত হৈছে ৷ চিন্তিত জিলাখনৰ সচেতন মহল ৷

Covid Guideline Break In Sonipur
লখৰা সাপ্তাহিক বজাৰত ক'ভিড প্ৰট'কল ভংগ গ্ৰাহক-ব্যৱসায়ীৰ
author img

By

Published : Sep 27, 2020, 1:56 PM IST

শোণিতপুৰ, 27 ছেপ্তেম্বৰ : ক'ভিড-19 ৰ বাবে লক ডাউনৰ অন্তত সুদীৰ্ঘ 6 মাহৰ অন্তত লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ইখনৰ পিচত সিখন বজাৰ ৷ ক'ভিড প্ৰট'কল মানি খুলিবলৈ অনুমতি প্ৰদান কৰা বজাৰ সমূহত বৰ্তমান একাংশ লোকে ক'ভিড প্ৰট'কল ভংগ কৰা পৰিলক্ষিত হৈছে ৷ মুখত মাস্ক পৰিধান নকৰাৰ লগতে কোনো ধৰণৰ সামাজিক দুৰত্ব পালন নকৰি বজাৰ সমূহত গ্ৰাহক তথা একাংশ ব্যৱসায়ীয়ে ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷

লখৰা সাপ্তাহিক বজাৰত ক'ভিড প্ৰট'কল ভংগ গ্ৰাহক-ব্যৱসায়ীৰ

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ লখৰা সাপ্তাহিক বজাৰখনো সুদীৰ্ঘ 6 মাহৰ অন্তত ক'ভিড প্ৰট'কল মানি প্ৰশাসনে খুলিবলৈ অনুমতি প্ৰদান কৰিছে ৷ কিন্তু প্ৰশাসনৰ নিয়মক অংগুষ্ঠ কৰি বজাৰখনত একাংশ লোকে ক'ভিড প্ৰট'কল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, বজাৰখনত সামগ্ৰী ক্ৰয় কৰিবলৈ অহা একাংশ গ্ৰাহকে মুখত মাস্ক পৰিধান নকৰাকৈ বজাৰলৈ অহা পৰিলক্ষিত হৈছে ৷ আনকি, একাংশ ব্যৱসায়ীয়েও মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দুৰত্ব পালন নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷

যি সময়ত শোণিতপুৰ জিলাত কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে তেনে সময়তে জিলাখনৰ সাপ্তাহিক বজাৰখনত একাংশ লোকৰ এনে কাৰ্যই জিলাখনৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যজুৰি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.