ETV Bharat / state

তেজপুৰত কৰ'ণাত আক্ৰান্ত দ্বিতীয়জন লোকৰ মৃত্যু - তেজপুৰ মেডিকেল কলেজৰ আই চি ইউ ত চিকিৎসাধীন অৱস্থাতে মৃত্যু

তেজপুৰত কৰ'ণাত আক্ৰান্ত দ্বিতীয়জন লোকৰ মৃত্যু ঘটিছে । তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল লোকজন । চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় লোকজনৰ ।

তেজপুৰত কৰ'ণাত দ্বিতীয় জন লোকৰ মৃত্যু
তেজপুৰত কৰ'ণাত দ্বিতীয় জন লোকৰ মৃত্যু
author img

By

Published : Apr 24, 2021, 11:34 AM IST

তেজপুৰ,২৪ এপ্ৰিল: ৰাজ্যত পুনৰ কৰ’ণা মহামাৰীয়ে প্ৰাণ কাঢ়িলে এগৰাকী ৰোগীৰ । কেইবাদিনো ধৰি মহামাৰীত আক্ৰান্ত হৈ থকা শোণিতপুৰ জিলাৰ তেজপুৰৰ মৰাভৰলী পাৰ নিবাসী দিলীপ দাসৰ শনিবাৰে মৃত্যু হয় । দিলীপ দাসৰ পূৰ্বে তেজপুৰত বৃহস্পতিবাৰে এগৰাকী লোকে মহামাৰীৰ কবলত প্ৰাণ হেৰাইছিল । কেইবাদিনো ধৰি মহামাৰীত আক্ৰান্ত দিলীপ দাসে তেজপুৰ মেডিকেল কলেজৰ আইচিইউত চিকিৎসাধীন হৈ আছিল । অৱশেষত শনিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দাসৰ । মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৬০ বছৰ ।

জানিব পৰা মতে, শোণিতপুৰ জিলাত বৃস্পতিবাৰে ৩৮১ গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকীৰ ক’ভিড আক্ৰান্তই মৃত্যুক সাৱটি লয় । বৰ্তমান ৰাজ্যত মহামাৰীৰ সংক্ৰমণে এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিদিনে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও ক'ভিড ৰোগীক পূৰ্বৰ দৰে চিকিৎসা প্ৰদান কৰিব পৰাকৈ সাজু হোৱা নাই স্বাস্থ্য বিভাগ ।

লগতে পঢ়ক: মহাজোঁটৰ প্ৰাৰ্থী এতিয়া অসন্তুষ্ট...কিয় ক’লে পীযুষে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.