তেজপুৰ, ৫ এপ্ৰিল: দুৱাৰডলিত হেঁপাহৰ ৰঙালী বিহু ৷ কাল কৰ’ণাৰ বাবে বিগত দুটা বছৰত ৰঙালীৰ ৰঙৰ পৰা বিৰত থাকিবলগীয়া হৈছিল অসমীয়া ৷ এইবাৰ সেই দুৰ্যোগ প্ৰশমিত হোৱাত কঁকালত টঙালী বান্ধিছে প্ৰতিজন অসমীয়াই ৷ উলহ-মালহেৰে উদযাপন কৰিব বাপতি সাহনক (Rangali Bihu celebration in Assam)৷
বহাগ বিহুৰ পূৰ্বৰ উন্মাদনা ঘূৰাই পাই সাতখন-আঠখন হৈ পৰিছে অসমীয়াৰ মন-প্ৰাণ ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত দেখা গৈছে বিহুৰ যো-জা ৷ গাঁৱে-ভূঞে বাজি উঠিছে বিহুৰ লগত সংপৃক্ত বাদ্যযন্ত্ৰসমূহো ৷ লোকবাদ্য শিল্পীসকলৰো ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বিহুৰ প্ৰাকক্ষণত ৷ তেজপুৰৰ সামগ্ৰিক পৰিৱেশ ইটিভি ভাৰতৰ দৰ্শকসকলৰ বাবে লৈ আনিছে জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে ৷
সংস্কৃতিক নগৰী তেজপুৰত বাঁহী প্ৰস্তুতত ব্যস্ত হৈ পৰিছে এগৰাকী ৭৭ বছৰীয়া লোক (Couple busy with folk instruments aimed at celebrating Bihu) ৷ পুষ্পেণ্ড বৰা নামৰ তেজপুৰৰ দ-বেচেৰীয়াৰ লোকজনে আজিও পূৰ্ণোদ্যমে ব্যস্ত হৈ আছে বিভিন্ন প্ৰকাৰৰ বাঁহী প্ৰস্তুত কৰাত (Folk instrument of Assam)৷ ২০১৩ চনতে পুষ্পেণ্ড বৰাই ৪২ ফুট দীঘল বাঁহী তৈয়াৰ কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল । আজিও বিহুৰ সময়ত তৈয়াৰ কৰি আহিছে বিভিন্ন ধৰণৰ বাঁহী, পেঁপা, গগনা, একতাৰা আদি লোকবাদ্য ৷ সুৰৰ খনিকৰগৰাকীৰ পত্নীয়েও এই বাদ্য তৈয়াৰ কৰাত সহযোগিতা আগবঢ়াই অহাৰ লগতে মূৰ্ছনা তুলি আহিছে ৷ ইটিভি ভাৰত কেমেৰাত বন্দী হৈছে এই দম্পতীৰ বাদ্য পৰিবেশনৰ যুগল বন্দী ৷
লগতে পঢ়ক: CM on Bihu celebration: থলুৱা গামোচা ব্যৱহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ