ETV Bharat / state

Corruption in Panchayat : ফুটুকাৰ ফেনত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি

author img

By

Published : Jul 23, 2023, 2:25 PM IST

ফুটুকাৰ ফেনত পৰিণত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি । গহপুৰত গাওঁ পঞ্চায়তৰ একাংশ চৰকাৰী বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ নেতৃত্বত অবাধ দুৰ্নীতিৰ অভিযোগ । কালভাৰ্ট নিৰ্মাণত অবাধ দুৰ্নীতিৰ অভিযোগ ৷

Corruption in various panchayats of Gohpur
ফুটুকাৰ ফেনত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি

বিশ্বনাথ, 23 জুলাই: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুৰ্নীতিক পুলিয়ে-পোখাই উৎখাত কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অসমবাসীক অৱগত কৰিছিল ৷ কিন্তু সেই দুৰ্নীতি সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ দিনতে এতিয়া একাংশ চৰকাৰী বিষয়া আৰু জনপ্ৰতিনিধি চৰকাৰী আচঁনি ধন লুটি পুতি খাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ শোণিতপুৰ জিলা গহপুৰ মহকুমাত এতিয়া বিভিন্ন গাওঁ পঞ্চায়তৰ একাংশ চৰকাৰী বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ নেতৃত্বত অবাধ দুৰ্নীতি চলা পৰিলক্ষিত হৈছে । ইখনৰ পিছত সিখন চৰকাৰী আঁচনি কাম নকৰাকৈ অধিকাংশ ধন হৰলুকি কৰা অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি 7 লাখ টকা আৱন্টন লাভেৰে নিৰ্মিত গহপুৰৰ এটি পথৰ কালভাৰ্ট নিৰ্মাণত অবাধ দুৰ্নীতিৰ অভিযোগ তুলিছে ৰাইজে । 7 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত কালভাৰ্টটো 6 মাহৰ ভিতৰতে বিধ্বস্ত হোৱাৰ পিচত বাঁহৰ সাঁকোৰে যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে । গহপুৰৰ গমিৰি পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ শান্তিপুৰৰ ৰাইজে যথেষ্ট কষ্ট স্বীকাৰ কৰি যাতায়ত কৰিবলগীয়াত পৰিছে । পঞ্চায়তটোৰ শান্তিপুৰৰ পৰা মিছামাৰি পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ কুৰুৱাপথাৰ সংযোগী পথটোত পকী কালভাৰ্টৰ পৰিৱৰ্তে বাঁহৰ সাঁকোৰে অতি বিপদসংকুল যাতায়াত কৰিবলগীয়াত পৰিছে ৰাইজে ।

উল্লেখ্য যে, শান্তিপুৰ অঞ্চলৰ পৰা মিছামাৰি, আৰিভঙা, নেপালীবস্তি, মুকলিগাঁও, জৰিগুৰি আদি অঞ্চল পৰ্যন্ত সংযোগ কৰিছে এই পথটোৰে । গমিৰি গাঁও পঞ্চায়তৰ সভাপতিৰ তত্বাৱধানত নিৰ্মিত পথটোৰ পকী কালভাৰ্টটো বিধ্বস্ত অংশ মেৰামতি কৰি ৰাইজৰ যাতায়তী ব্যৱস্থা সুচল কৰিবলৈ বহুবাৰ আহ্বান জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই পঞ্চায়তটোৰ সভাপতিগৰাকীয়ে ৷ ইয়াৰৰ পৰিৱৰ্তে আচঁনিখনৰ নামত অহা ধন হৰলুকি কৰিবলৈ পঞ্চায়তৰ প্ৰতিনিধিসকলে উঠি পৰি লাগিছে বুলি ৰাইজে অভিযোগ কৰে । ইফালে, এই পঞ্চায়তখনত বিগত সময়ত বহু চৰকাৰী আচঁনিৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে পঞ্চায়টো প্ৰতিনিধিৰ বিৰুদ্ধে ।

লগতে পঢ়ক : Draught weather in Assam : হোজাইৰ পথাৰত চিৰাল ফাঁট; মূৰে কপালে হাতে দিছে কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.