ETV Bharat / state

তেজপুৰত ক্ৰমাগত ভাৱে বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা - কোভিড নিগেটিভ

ক্ৰমাৎ তেজপুৰত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ ধাৰাবাহিকভাৱে আক্ৰান্ত হৈছে কৰ'ণাত ৷ এই পৰ্যন্ত তেজপুৰত আক্ৰান্ত হৈছে ৬৭ গৰাকী লোক ৷

তেজপুৰত ক্ৰমাগত ভাৱে বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jun 13, 2020, 9:06 PM IST

তেজপুৰ,১৩ জুন : শেহতীয়াকৈ তেজপুৰ ডিপোটাৰ সুৱৰ্ণ মহন্ত (৬২) নামৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে কৰ'ণাত ৷ কৰ্কট ৰোগত আক্ৰান্ত মহিলা গৰাকী গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ৷ আনহাতে,শোণিতপুৰত ভয়ংকৰ ঘটনা । বহি:ৰাজ্যৰ পৰা বাছ,ট্ৰেইন আৰু বিমানযোগে অহা ৫ জন এছ এছ বিৰ জোৱান, ৬জন সেনাৰ জোৱান আৰু এজন আই টি বি পিৰ জোৱানসহ ১৫ জনৰ দেহত কোভিড পজিটিভ চিনাক্ত হৈছে ।

CORONA PATIENT GRADUALLY INCREASES IN TEZPUR  ETV BHARAT NEWS
এই পৰ্যন্ত তেজপুৰত আক্ৰান্ত হৈছে ৬৭ গৰাকী লোক

ইফালে সাতদিন পূৰ্বে কোভিড নিগেটিভ ঘোষণা কৰাৰ পিছত শনিবাৰে হোটেল কোৱাৰেন্টাইনৰ পৰা বাছযোগে ৰঙাপৰাৰ ঘৰলৈ হোম কোৱাৰেন্টাইনৰ বাবে স্বাস্থ্য বিভাগে বাছ যোগে প্ৰেৰণ কৰা মেদিনী মোহন ৰাভাৰ দেহত পজিটিভ চিনাক্ত । বহি:ৰাজ্যৰ আহি তেজপুৰত আনুষ্ঠানিক কোৱাৰেন্টাইনত থকাৰ সময়ত স্বাস্থ্য বিভাগে কেভিড নিগেটিভ ঘোষণা কৰা মেদিনীসহ ২৬ গৰাকী লোকক শনিবাৰে বাছযোগে হোম কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰিছিল। প্ৰশাসনে ৬গৰাকী মহিলাসহ ২৬ গৰাকী লোকক শনিবাৰে তেজপুৰৰ পৰা হোম কোৱাৰেন্টাইনৰ বাবে ৰঙাপৰালৈ নিয়াৰ পথত ফুলবাৰী পোৱাৰ সময়ত মেদিনী মোহন ৰাভাৰ শৰীৰত কোভিড পজিটিভ চিনাক্ত হোৱাৰ খবৰ যোৱাত স্বাস্থ্য বিভাগত হাহাকাৰ লাগে।

আনহাতে সেনাৰ লোকসকলক ক্ৰমে বিমানযোগে হাৰিয়ানাৰ পৰা অহা মুকেশ কুমাৰ,মহাৰাষ্ট্ৰৰ পৰা অহা মহাজন সিদ্ধাৰ্থ শিবনাথ,ট্ৰেইন যোগে পাঞ্জাৱৰ পৰা আহা বলৰাজ সিং,কালে ভিটাল,অনুজ কুমাৰ,অৰুণাচল প্ৰদেশৰ চাংলাঙৰ পৰা অহা বিটু চাকমা বুলি চিনাক্ত কৰা হৈছে। বহি : ৰাজ্যৰ পৰি আহি এছ এছ বিৰ শালনীবাৰী কোৱাৰেন্টাইন কেম্পত থকা এছ এছ বিৰ জোৱান তেজপুৰৰ ৰূপমনি শইকীয়া,বিহাৰৰ গয়াৰ ৰাহুল কুমাৰ ৰাভি,বিহাৰৰ বৈশালীৰ মুকেশ কুমাৰ সিং,পাটনাৰ নিৰঞ্জন কুমাৰ,গোৰখপুৰৰ পৰা এখন বাছত আন ১৫জন জোৱানৰ লগত অহা সুদেশ প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে। একেদৰে বিহগুৰিৰ আই টি বি পি কেম্পৰ শোভৰাজ জৰ্দাৰৰ দেহত কোভিড পজিটিভ পোৱা গৈছে।

আনহাতে বৰদিকৰাইৰ পূণ্য অধিকাৰী আৰু সুৰজ গৌলীৰ দেহত কোভিড পজিটিভ চিনাক্ত হৈছে। ইয়াকে লৈ শোণিতপুৰত কৰ'ণা পজিটিভৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পালে।

আৰু পঢ়কঃ পৰিস্থিতি সাপেক্ষে গুৱাহাটীত পুনৰ হ'ব পাৰে লক​ ডাউনঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.