ETV Bharat / state

জেহাদীক লৈ চিন্তিত SSB - Chinese invasion of 1962

সোমবাৰে তেজপুৰৰ দেৱেন্দ্ৰ নগৰত অনুষ্ঠিত হয় 68 নং এছ এছ বিৰ তৃতীয় দীক্ষান্ত সামাৰোহ (Convocation programme of SSB) ।

SSB
SSB
author img

By

Published : Aug 29, 2022, 2:05 PM IST

তেজপুৰ, ২৯ আগষ্ট : অসমত বিগত ২০২০ চনৰ পৰা বি টি এ ডি এলেকাত উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ আছে আৰু এক শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে । কিন্ত জেহাদী সমস্যা অসমত নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে বিভিন্ন সুৰক্ষা বাহিনীৰ লগতে এছ এছ বি গুৱাহাটী ফ্ৰণ্টিয়াৰে সমান্তৰালভাৱে কাম কৰি আছে (SSB work against jihadi activities) ।

সোমবাৰে তেজপুৰৰ দেৱেন্দ্ৰ নগৰৰ 68 নং এছ এছ বিৰ তৃতীয় দীক্ষান্ত সামাৰোহত (Convocation programme of SSB) অংশগ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক সঞ্জীৱ কুমাৰে ।

তেওঁ কয় যে সমগ্ৰ ভাৰততে বৰ্তমান জেহাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে সুৰক্ষা বাহিনী সৰৱ হৈ পৰিছে আৰু ই মষিমূৰ হ'ব । বিশেষকৈ নামনি অসমৰ দায়িত্বত থকা এছ এছ বিৰ মহাপৰিদৰ্শকগৰাকীয়ে বিষয়টো সংবেদনশীল বুলিও কয় (SSB convocation in Tezpur)।

আনহাতে, অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী তেজপুৰ ফ্ৰণ্টিয়াৰৰ (SSB Tezpur frontier) মহাপৰিদৰ্শক বিনোদ নায়কে কয় যে ভাৰত-ভূটান এলেকা আৰু ভাৰত-চীন সীমান্তত (Indo China border) পাঁচটাকৈ এছ এছ বিৰ বৃহৎ কোম্পানীৰ দখলত থকা অঞ্চলৰ সীমান্ত চকীসমূহ সম্পূৰ্ণ সচকিত হৈ আছে । তেওঁ কয় যে ভূটান সীমান্তত থকা সীমান্ত চকীসমূহৰ যোগাযোগ ব্যৱস্থা পূৰ্বতকৈ উন্নত হৈছে (Indo Bhutan border posts) । যিকোনো নিৰ্মাণকাৰ্য ভাৰত আৰু ভূটানৰ সমিলমিলৰে চলিছে আৰু কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই ।

১৯৬২ চনৰ চীনা আক্ৰমণৰ (Chinese invasion of 1962) পটভূমিত গঠিত হোৱা সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি জেমিথাং অঞ্চলত বিশেষ এলেকাত কৰ্তব্যৰত হৈ আছে বুলি তেওঁ কয় । চীনৰ চাতুৰালিয়ে বাৰে বাৰে ভাৰতৰ ভূ-খণ্ডত অশান্তিৰ সৃষ্টি কৰা অঞ্চলত বৰ্তমান এছ এজ বিয়ে সেনাৰ লগত সমানে সমানে পেট্ৰ'লিং কৰি আছে বুলিও নায়াৰে কয় ।

উল্লেখযোগ্য যে আজি মুঠ ৯৪ গৰাকী শিক্ষাৰ্থীয়ে এক নতুন যাত্ৰাৰ শপত গ্ৰহণ কৰে (convocation of 94 SSB cadre) । ইয়াৰে ভিতৰত ৪০ গৰাকী স্নাতক ডিগ্ৰীধাৰী, ৪২ গৰাকী দ্বাদশ উত্তীৰ্ণ আৰু ১১ জন দশম শ্ৰেণী উত্তীৰ্ণ । তেওঁলোক বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ প্ৰাপ্ত । লগতে ট্ৰেড মেনৰ লগত জড়িত হৈ বিভিন্ন ঠাইলৈ গৈ নিজৰ কৰ্তব্যত যোগদান কৰিব ।

লগতে পঢ়ক :জেহাদী সন্দৰ্ভত বিস্ফোৰক মন্তব্য শিখা শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.