ETV Bharat / state

ৰঙাপৰাত কৃষক আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

নাঙল- যুঁৱলি লৈ ৰঙাপৰাত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰঙাপৰাত কৃষক আইনৰ বিৰুদ্ধে  কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী
ৰঙাপৰাত কৃষক আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Oct 10, 2020, 10:06 PM IST

ৰঙাপৰা, 10 অক্টোবৰ: কৃষক বিৰোধী আইন বাতিলৰ দাবীত শোণিতপুৰৰ ৰঙাপৰাত ব্লক কংগ্ৰেছৰ সদস্যসকলে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

কংগ্ৰেছ তথা কৃষক ৰাইজে ৰঙাপৰাৰ পগলাবিল গাঁৱত হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ আইনখন বাতিলৰ দাবীত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে অঞ্চলটোৰ কৃষক ৰাইজে কান্ধত নাঙল-যুঁৱলি আৰু পাৱাৰ টেক্টৰ চলাই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে সমগ্ৰ অঞ্চলটোৰ ।

উক্ত প্ৰতিবাদী সমদলৰ অন্তত পগলাবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয় । সভাত বক্তাসকলে সংসদৰ মজিয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখনকৈ কৃষক বিৰোধী আইন প্ৰণয়ন কৰাক লৈ ক্ষুৰধাৰ সমালোচনা কৰে ।

উল্লেখযোগ্য যে, কৃষক বিৰোধী আইনখন খাটি খোৱা কৃষক ৰাইজে কেতিয়াও মানি নলয়, প্ৰয়োজন হ'লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । আইন প্ৰণয়ন কৰি কৃষিখণ্ড পুঁজিপতিৰ ওচৰত গতাবলৈ চেষ্টা কৰা বিজেপি চৰকাৰক সময়ত উচিত প্ৰত্যুত্তৰ দিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : কংগ্ৰেছৰ পৰা বহিষ্কাৰ ৰুমী নাথক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.