তেজপুৰ,২৯ জুন: পেট্ৰ'ল ডিজেলৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ বিৰোধিতাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছৰ সহযোগিতাত শোণিতপুৰ জিলা কংগ্ৰেছে সোমবাৰে ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । তেজপুৰ ৰাজীৱ ভৱনৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য অংশগ্ৰহণ কৰি এই মূল্যবৃদ্ধিৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰে । লগতে দেশৰ পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিকৃষ্টতাৰ স্বৰূপ উদঙাই দেখুৱাইছে বুলি মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।
লগতে পঢ়কঃ বিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ
মুখপাত্ৰগৰাকীয়ে কয় য়ে, নৰেন্দ্ৰ মোদী চৰকাৰে বিগত ২০ দিনৰ ভিতৰত ডিজেল আৰু পেট্ৰ'লৰ মূল্য সৰ্বাধিক কৰিছে । ২০২০ চনত একাদিক্ৰমে ডিজেলৰ মূল্য বৃদ্ধি হোৱাত কৃষিকৰ্মত হাহাকাৰৰ সন্মুখীন হৈছে কৃষকসমাজ ৷ সমান্তৰালকৈ ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে পৰিবহণ ব্যৱস্থাও বিপদত পৰা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷ ড0 মনমোহন সিং নেতৃত্বাধীন চৰকাৰৰ দিনত ডিজেলৰ অৱকাৰী শুল্ক ৩.৩২ টকা আৰু পেট্ৰ'লৰ প্ৰায় ৩ টকা আছিল কিন্তু বৰ্তমান মোদী চৰকাৰৰ দিনত ডিজেলৰ অৱকাৰী শুল্ক ৩১.৮৩ টকা আৰু পেট্ৰ'লৰ ৩২.৯৮ টকা হৈছে আৰু ইয়াৰ বাবে মোদী চৰকাৰ জবাবদিহি হ'ব লাগিব বুলি মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷