ETV Bharat / state

তেজপুৰ মহাবিদ্যালয়ত দুই ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ - তেজপুৰ মহাবিদ্যালয়

বুধবাৰে তেজপুৰ মহাবিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে দুটা ছাত্ৰ গোট সংঘৰ্ষত লিপ্ত হয় ৷ এবিভিপি গোটে আছু গোটৰ সমৰ্থকক প্ৰহাৰ কৰাৰ অভিযোগ ৷

As_Tezpur_conflict-occurred-between-two-student-unit-of-tezpur-college_7203907
তেজপুৰ মহাবিদ্যালয়ত দুই ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ
author img

By

Published : Feb 3, 2021, 3:25 PM IST

Updated : Feb 3, 2021, 3:41 PM IST

তেজপুৰ,3 ফেব্ৰুৱাৰী: ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ ৷ নিৰ্বাচনী ৰণক্ষেত্ৰত এটা দলে আনটো দলক প্ৰতিহত কৰিবলৈ নামি পৰিছে যুদ্ধত ৷ প্ৰত্যেক দিনেই এজন নেতাই আন এজনক আক্ৰমণ-প্ৰত্যাক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ ইয়াৰ প্ৰভাৱ যেন দেখিবলৈ পোৱা গৈছে শিক্ষানুষ্ঠান সমূহৰ নিৰ্বাচনীতো ৷ এই কথাকে পুনৰ প্ৰমাণিত কৰিলে তেজপুৰ মহাবিদ্যালয়ৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰতিদ্বন্দী দুই ছাত্ৰ গোটৰ মাজৰ সংঘৰ্ষই ৷

তেজপুৰ মহাবিদ্যালয়ত দুই ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ

ঘটনা অনুসৰি, বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে এগৰাকী বাহিৰৰ মহিলা সংগীতজ্ঞই মহাবিদ্যালয় খনৰ প্ৰৱেশ দ্বাৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হৈ প্ৰচাৰ চলায় ৷ যাৰ বাবে এবিভিপিৰ সমৰ্থকক সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয় ৷ ইয়াৰ পিছতে এবিভিপিৰ সমৰ্থকে আছুৰ সাধাৰণ সম্পাদকক প্ৰহাৰ কৰে ৷ এবিভিপিৰ সমৰ্থকে মহাবিদ্যালয়ৰ তোৰণৰ বাহিৰত বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী মোতায়ন কৰিবলগীয়া হয় ৷ এগৰাকী মহিলা শিল্পীক অপমান কৰাৰ বাবে আছুক ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰিছে এবিভিপি গোটে ৷

লগতে পঢ়ক-ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা

Last Updated : Feb 3, 2021, 3:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.