ETV Bharat / state

চতিয়ালৈ আহি কিয় অভিভূত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা ? - বাৰেচহৰীয়া ভাওনা

প্ৰতিকূল বতৰকো নেওচি বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে চতিয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নাগশংকৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাগশংকৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

cm himanta biswa sarma visited soteea
চতিয়ালৈ আহি কিয় অভিভূত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা ?
author img

By

Published : Sep 2, 2021, 9:05 PM IST

চতিয়া, 2 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত বৃহস্পতিবাৰে পোনপ্ৰথমবাৰৰ বাবে চতিয়া সমষ্টিলৈ আহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ চতিয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমেই নাগশংকৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাগশংকৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে । আয়তীৰ উৰুলি, ডবা, কাঁহ, শৃংখ ধ্বনিৰ মাজেৰে ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ষ্টেডিয়ামখনৰ আন্তঃগাঁঠনিৰ বাবে পুনৰ ১০ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । ইয়াৰোপৰি নাগশংকৰ স্বাস্থ্য কেন্দ্ৰটো ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নত কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰাৰ আশ্বাস দিয়ে । ইয়াৰ পিছতে জামুগুৰিহাটত ২৬ কোটি টকাৰে নিৰ্মাণ কাৰ্য চলি থকা বাৰেচহৰীয়া ভাওনাৰ স্থায়ী প্ৰকল্পৰ কাম-কাজো পৰ্যবেক্ষণ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

চতিয়ালৈ আহি কিয় অভিভূত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা ?

ইয়াৰ লগতে অঞ্চলটোৰ শলগুৰিৰ পৰা 'কন্যকা' লৈ নিৰ্মাণ কৰি উলিওৱা পকী পথৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে জীয়া ভৰলীৰ পাৰত বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা 'কন্যকা' উদ্যান পৰিদৰ্শন কৰাৰ লগতে 'কন্যকা'ত নিৰ্মাণ কৰি উলিওৱা আটকধুনীয়া অতিথিশালাৰো উদ্বোধন কৰে । দিনজোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিলৈ অহা মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ সংসদ পল্লবলোচন দাস, মন্ত্ৰী পীযুষ হাজৰিকাই ।

লগতে পঢ়ক : ন-বিজেপিৰ ভৰত ভাৰাক্ৰান্ত দল; পুনৰ বঞ্চিত হ’ব পুৰণি বিজেপি নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.