তেজপুৰ, 24 মে' : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ কেইবাখনো মডেল উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰিব (Model high school in tea garden area) ৷ যাৰ বাবে সোমবাৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস উপস্থিত হয় এই বিদ্যালয়সমূহ (Pallab Lochan Das visited Model high school in tea garden area) ত ৷
তেজপুৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু জিলাখনৰ অন্যান্য বিভাগৰ বিষয়াসকলে এই বিদ্যালয়সমূহৰ এক সামগ্ৰিক খতিয়ান তথা পৰিস্থিতিৰ বুজ লয় । আনকি সাংসদগৰাকীৰ লগতে জিলা উপায়ুক্ত তথা অন্যান্য বিষয়ববীয়া আৰু শিক্ষাৰ্থীসকলে একেলগে বিদ্যালয়তে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে ।
উল্লেখ্য যে, জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিচা অঞ্চলসমূহত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ এক প্ৰয়াস কৰিছিল ৷ যাৰ বাবে ৰাজ্যৰ 119 খন মডেল উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম হাতত লৈছিল ৰাজ্য চৰকাৰে (High schools in Assam tea estates) ৷ আনকি 2020 চনৰ 2 নৱেম্বৰত এই বিদ্যালয়সমূহৰ আধাৰশিলা স্থাপন কৰা হৈছিল । বৰ্তমান এই বিদ্যালয়সমূহৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷
জানিব পৰা মতে, ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰা, শুনাজুলি, ঠাকুৰবাৰী, নাহৰণিকে ধৰি কেইবাখনো চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰা হ’ব এই বিদ্যালয় । আনকি এই বিদ্যালয়সমূহ চাহ বাগিচাৰ স্মৰণীয় ব্যক্তিসকলৰ নামত উৎসৰ্গিত কৰাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে ৷ বুধবাৰে এই বিদ্যালয়ৰ মুকলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰো সম্ভাৱনা আছে ৷
মন কৰিবলগীয়া যে, 2020 ৰ পহিলা নৱেম্বৰত শোণিতপুৰৰ বৰছলা সমষ্টিত এখন, ঢেকীয়াজুলি সমষ্টিত তিনিখন আৰু ৰঙাপৰা সমষ্টিত ছয়খন মডেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে তদানীন্তন শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰে ৰঙাপৰা সমষ্টিৰ তিনিখন বিদ্যালয় ক্ৰমে ফুলবাৰী, নাহৰণি আৰু ঠাকুৰবাৰীৰ নিৰ্মাণকাৰ্য কিছু পৰিমাণে এতিয়াও বাকী আছে ৷
লগতে পঢ়ক : কেতিয়া আৰম্ভ হ’ব চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহত শিক্ষাদান ?