তেজপুৰ, 15 মাৰ্চ: ঊষা । বাণ ৰজাৰ জীয়ৰী । বাণ ৰজাই জীয়ৰী ঊষাক সুৰক্ষিত কৰি ৰাখিবলৈ তেজপুৰত অগ্নিগড় বন্ধাইছিল । পাছলৈ যুৱতী ঊষা, শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেমত পৰিছিল আৰু সখী চিত্ৰলেখাৰ সহযোগত অনিৰুদ্ধক অগ্নিগড়লৈ গোপনে আনি গন্ধৰ্ব বিবাহ কৰাইছিল ৷ সেই প্ৰেম যুগমীয়া, নান্দনিক, স্বপ্নময়, চিত্ৰময় ।
গন্ধৰ্ব বিবাহত আবদ্ধ হোৱাৰ পিছতেই দুয়োকে বান ৰজাই অগ্নিগড়ত বন্দী কৰি ৰাখিছিল আৰু ইয়াৰ ফলস্বৰূপে দাৰকাপতি শ্ৰীকৃষ্ণই আহি বান ৰজাৰ লগত যুদ্ধ কৰিছিল । বাণ ৰজাই তেওঁক সহায় কৰিবৰ বাবে শিৱক স্তুতি কৰে আৰু শিৱই আহি শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয় । সেয়াই আছিল ঐতিহাসিক হৰি-হৰৰ যুদ্ধ । তেজপুৰত সংঘটিত সেই হৰি-হৰৰ যুদ্ধত বহু সৈন্য নিহত হৈছিল ।
পৰৱৰ্তী সময়ত শ্ৰীকৃষ্ণৰ আশীৰ্বাদত বাণ ৰজাই ‘মহাকাল’ নাম লৈ শিৱৰ এজন পাৰিষদ হিচাপে জীয়াই থাকি যায় । দৈত্যৰাজ বলিৰ পুত্ৰ বাণ ৰজাৰ বিষয়ে কালিকা পূৰাণ আৰু বিষ্ণু পূৰাণত বিভিন্ন কাহিনী তথা আখ্যান থকাৰ লগতে তেজপুৰস্থিত অগ্নিগড়ে তেওঁৰ সাক্ষ্য আজিও বহন কৰি আহিছে ৷ তাৰোপৰি অগ্নিগড়ৰ বিশাল চৌহদৰ সকলোতে দেখিবলৈ পোৱা যায় শিল সমূহত খোদিত যুদ্ধৰ বিভিন্ন ধৰণৰ দৃশ্যাংশ । প্ৰবাদ আছে চিত্ৰলেখাই অনিৰুদ্ধৰ চিত্ৰ অংকণ কৰি ঊষাক দেখুৱাৰ পিছতেই ঊষা অনিৰুদ্ধৰ প্ৰেমত পৰিছিল ।
ব্ৰিটিছ শাসনৰ সময়ত ১৯০৬ চনত তেতিয়াৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত মি. ক’লে শোণিতপুৰৰ তেজপুৰ চহৰৰ বিভিন্ন ঠাইৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰিছিল যুদ্ধৰ বিভিন্ন ধৰণৰ দৃশ্যাংশ খোদিত কৰা এই শিলবোৰ ৷ তেজপুৰ চহৰৰ মাজমজিয়াত থকা এটা জলাশ্ৰয়ৰ কাষত শিলবোৰ একত্ৰিত কৰি তাক সংৰক্ষণৰ উদ্যেশ্যেৰে নিৰ্মান কৰিছিল এই উদ্যানৰ । আৰু তেতিয়াৰ পৰা ইয়াক ক'ল পার্ক (Chitralekha cole park )বুলিও জনা যায় ।
পৰৱৰ্তী সময়ত ১৯৯৬ চনত অসমৰ প্ৰাক্তন মুখ্য সচিব তথা তেতিয়াৰ উপায়ুক্ত এম জি ভি কে ভানুৱে আটক ধুনীয়াকৈ নিৰ্মান কৰিলে এই উদ্যানখন আৰু জিলা প্ৰশাসনে ইয়াৰ নতুনকৈ নামাকৰণ কৰিলে চিত্ৰলেখা উদ্যান । বৰ্তমান দেশ বিদেশৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থানলৈ ৰূপান্তৰিত হোৱাৰ লগতে অৱসৰ বিনোদনৰ এক সুকীয়া স্থান হৈ পৰিছে চিত্ৰলেখা উদ্যান ।
বৰ্তমান ক’ভিড অতিমাৰীৰ পিছত নতুনকৈ সজাই পৰাই তোলা হৈছে এই উদ্যানখন ৷ কণমানিহঁতৰ বাবে স্থাপন কৰা হৈছে ইলেকট্ৰনিক গেম জন, বাম্পাৰ কাৰ ইত্যাদি । তাৰোপৰি জিলা প্ৰশাসনে নতুনকৈ সংযোজিত কৰিছে ব’টিং । সম্প্ৰতি তেজপুৰৰ Enviranment society ৰ দ্বাৰা পৰিচালিত এই উদ্যানত গ্ৰীষ্মকালীন সময়ত অধিক পৰ্য্যটকৰ আগমন দেখিবলৈ পোৱা যায় ।
লগতে পঢ়ক: শংকৰ মহাদেৱনৰ কন্ঠেৰে নিগৰিল অসমীয়া হোলীগীত