ETV Bharat / state

সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য: হাত সাবটি বহি থকা নাই নতুন দিল্লীও - ভাৰত চীন সীমান্ত

আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্যত উন্মোচিত হ'ল চীনৰ আগ্ৰাসী মনোভাৱ ৷ চীনৰ PLA সৈন্য বাহিনীৰ পূৰ্বতকৈ অধিক তৎপৰতাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তক লৈ তৎপৰ হৈছে নতুন দিল্লীও । এই সম্পৰ্কত চাওঁ আহক আমাৰ এক গ্ৰাউণ্ড জিৰ’ প্ৰতিবেদন ৷

সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য: হাত সাবটি বহি থকা নাই নতুন দিল্লীও
সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য : হাত সাবটি বহি থকা নাই নতুন দিল্লীও
author img

By

Published : Nov 11, 2021, 6:00 PM IST

Updated : Nov 11, 2021, 6:35 PM IST

জেমিথাং, 11 নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ বিবদমান অঞ্চলত চীনা সৈন্যই গাঁও স্থাপন কৰাৰ প্ৰতিবেদন দাখিল কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱাই । চীনৰ PLA সৈন্য বাহিনীৰ পূৰ্বতকৈ অধিক তৎপৰতাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তক লৈ তৎপৰ হৈছে নতুন দিল্লীও । উল্লেখ্য যে, ভাৰতৰ পূৱ প্ৰান্তত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অসম ৰাইফলছৰ এটা শিবিৰ দখল কৰি চীনে গাঁও নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ কৰিছে পেণ্টাগণে ।

LAC ৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত চুং ডোং অঞ্চলটোত চীনে নিৰ্মাণ কৰিছে এই গাঁওখন ৷ ইতিমধ্যে চেটেলাইটৰ জৰিয়তে লোৱা গাঁওখনৰ ফটো প্ৰকাশ পাইছে দেশ-বিদেশৰ সংবাদ মাধ্যমত ৷ চীনে নিৰ্মাণ কৰা গাঁওখনত মুঠ 101 টা পৰিয়াল আছে ৷ পেণ্টাগণৰ প্ৰতিবেদন প্ৰকাশ পোৱা তথ্য অনুসৰি, 1962 চনৰ পৰাই চীনৰ দখলত আছে এই অঞ্চলটো ৷ প্ৰাপ্ত তথ্য অনুসৰি 1959 চনৰ আগলৈকে সেই অঞ্চলত অসম ৰাইফলছৰ এটা শিবিৰ আছিল যদিও 1962 ৰ যুদ্ধৰ পাচত সেই শিবিৰ প্ৰত্যাৱৰ্তন কৰা হয় ৷ পৰৱৰ্তী সময়ত সেই স্থানতে চীনে নিৰ্মাণ কৰে এই গাঁওখন ৷

সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য: হাত সাবটি বহি থকা নাই নতুন দিল্লীও

ইয়াকে লৈ সম্প্ৰতি, অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ দক্ষিণ পশ্চিম সীমান্তত বৰ্তমান দৈনিক চলিছে যুদ্ধৰ আখৰা । উল্লেখযোগ্য যে, এই ঘটনাৰ লগে লগে ভাৰত চৰকাৰেও সুৰক্ষা বঢ়াইছে ন ন অঞ্চলত ৷

দ্ৰুত গতিত চলিছে পথ নিৰ্মানৰ কাৰ্যসূচী ৷ এই বিবদমান অঞ্চলৰ সুৰক্ষাৰ বাবে এছ এছ বি (SSB )ৰ 67 নং বেটেলিয়ানৰ হাততো অৰ্পণ কৰা হৈছে বিশেষ দায়িত্ব ৷মন কৰিব লগীয়া বিষয় যে, অক্টোবৰ মাহৰ শেষৰ পৰা এতিয়া সমগ্ৰ অঞ্চলটোতে তুষাৰপাত আৰম্ভ হৈছে । ইয়াৰ মাজে মাজে সুৰক্ষা বাহিনী সমূহে নতুন নতুন বি অ পি (Border Operation Post) দখল কৰি ভাৰতৰ ভূ - খণ্ড সুৰক্ষিত ৰখাৰ স্বাৰ্থত নিয়োজিত হৈছে ৷

লগতে পঢ়ক : তামিলনাডুত বৃষ্টিপাত : মৃতকৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি

Last Updated : Nov 11, 2021, 6:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.