ETV Bharat / state

জন্ম হৈয়েই ক’ভিডত আক্ৰান্ত হ’ল এটি দেৱশিশু

শোণিতপুৰ জিলাত দিনক দিনে ক’ভিড-19ৰ দ্বিতীয়টো লহৰৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এটি নৱজাতকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰা ঘটনাই চিন্তিত কৰি তুলিছে ৰাইজক ।

author img

By

Published : Jul 7, 2021, 10:38 PM IST

Updated : Jul 7, 2021, 10:50 PM IST

child-in-tezpur-is-infected-with-the-covid-19
তেজপুৰত এটি ৪৮ ঘন্টীয়া দেৱ শিশু ক’ভিড-19ত আক্রান্ত

তেজপুৰ, ৭ জুলাই : মাতৃৰ গৰ্ভৰ পৰা ওলাই পৃথিৱীৰ পোহৰ দেখিছেহে মাত্ৰ । ভালকৈ দুচকু মেলাই নাই শিশুটিয়ে । মাতৃৰ বুকুৰ উমলৈ নির্ভয়ে শুই থকা শিশুটি আক্ৰান্ত হৈছে ক’ৰণাত । জন্মৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে দেৱশিশুটি আক্ৰান্ত হৈছে কাল ক’ৰণাত । এই ঘটনাটো সংঘটিত হৈছে তেজপুৰত । শোণিতপুৰ জিলাত দিনক দিনে ক’ভিড-19ৰ দ্বিতীয়টো লহৰৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এটি নৱজাতকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰা ঘটনাই চিন্তিত কৰি তুলিছে ৰাইজক ।

জানিব পৰ মতে, তেজপুৰ চহৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত জন্ম হোৱাৰ মাত্ৰ ৪৮ ঘন্টাৰ পিছতে এটি নৱজাতকৰ দেহত ক’ভিডৰ অৱস্থতি ধৰা পৰাত শিশুটিক তেজপুৰৰ পৰোৱা ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তৰাপাচতে চিকিৎসকে পৰোৱা ক’ভিড চিকিৎসালয়ত মাত্ৰ দুঘন্টা চিকিৎসা প্ৰদান কৰি শিশুটিক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল সুস্থ অৱস্থাত শিশুটিক চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিব দিছে ৷

উল্লেখযোগ্য যে, শিশুটিৰ পিতৃ-মাতৃ তেজপুৰৰ সমীপৱৰ্তী নপাম অঞ্চলৰ । মনকৰিবলগীয়া যে, তেজপুৰ পৰোৱা ক’ভিড চিকিৎসালয়ত আজি পৰ্যন্ত ১৮ বছৰৰ তলৰ ৬৯ টাকৈ শিশু আৰু কিশোৰ ক’ভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, বৰপেটা চিকিৎসা মহাবিদ্যালয়তো সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ বৰপেটা মেডিকেল কলেজৰ (Fakhruddin Ali Ahmed Medical College and Hospital, Barpeta)14 গৰাকী কৰ্মচাৰীৰ দেহত পোৱা গৈছে ক'ভিডৰ উপস্থিতি ৷ বিগত কেইটামান দিনৰ ভিতৰতে বৰপেটা মেডিকেল কলেজত কৰ্মৰত এজনৰ পিচত আনজন কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হৈছে ৷

যোৱা ২৬ জুনৰ পৰা 7 জুলাই পৰ্যন্ত বৰপেটা মেডিকেল কলেজৰ ১৪ গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড ৷ বৰপেটা মেডিকেল কলেজৰ এজনৰ পিচত আনজন কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হোৱাক কেন্দ্ৰ কৰি কৰ্মচাৰীসকলৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে ৷ বিশেষকৈ বৰপেটা মেডিকেল কলেজৰ প্ৰশাসনীয় কাৰ্যালয়ত কৰ্মৰত আছিল ২৫ গৰাকী কৰ্মচাৰী ৷

লগতে পঢ়কঃ IP আধাৰিত CCTV ৰ নিৰীক্ষণত উত্তৰ-পূৱৰ 47 টা ৰে'লৱে ষ্টেচন

Last Updated : Jul 7, 2021, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.