ETV Bharat / state

আপোনাৰ সহায়ে জীৱন দিব পাৰে কণমানি সমুদ্ৰক - আয়ুৰচন্দ্ৰা হাস্পাতল

যন্ত্ৰণাময় জীৱন কটাইছে এটি চাৰিবছৰীয়া কণমানিয়ে । পখিলা খেদাৰ বয়সত বিচনাতে দিন পাৰ কৰিবলগীয়া হৈছে কণমানিটোৱে ।

সমূদ্ৰৰ জীৱন ৰক্ষাৰ বাবে লাগে আপোনাৰ সহায়
author img

By

Published : Jun 30, 2019, 8:47 PM IST

চতিয়া,৩০জুন : চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পানপুৰ চেঙেলীমৰা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সমুদ্ৰ নামৰ এই কণমানিটোৱে পাৰ কৰিছে পঙ্গুতৰ জীৱন । শিশুটিৰ মূৰত জমা হৈছে পানী । খোজ কঢ়া, খেলা-ধূলা একোকে কৰিব নোৱাৰে শিশুটিৱে । শিশুটিৰ শাৰিৰীক গঠণৰ ওপৰত স্থানীয় শিশু চিকিৎসক,তেজপুৰৰ চিকিৎসালয়তো চিকিৎসা কৰিছিল যদিও কোনো সুফল লাভ নকৰিলে । ইফালে,দিন-ৰাতি একাকাৰ কৰি কণমানিটোৰ কান্দোনত থাকিব নোৱাৰি পৰিয়ালটিৱে ঘৰৰ সকলো সামগ্ৰী বিক্ৰী কৰি চিকিৎসা কৰিছে শিশুটিক । কিন্তু সুস্থ হৈ নুঠিল সমুদ্ৰ । সমুদ্ৰক গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পাতলত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল । চিকিৎসকে শিশুটিৰ মুৰত পানী জমা হৈ থকাৰ বাবেই যন্ত্ৰনাত শিশুটিয়ে এনে আচৰণ কৰা বুলি অৱগত কৰে৷মুৰৰ এটি অপাৰেচন কৰিলেই শিশুটি আৰোগ্য হৈ উঠিব বুলি চিকিৎসকে পৰামৰ্শ দিয়ে যদিও অস্ত্ৰোপ্ৰচাৰৰ বাবে দৰিদ্ৰ পৰিয়ালটিক এতিয়া প্ৰায় ডেৰ লক্ষাধিক টকাৰ প্ৰয়োজন হয় । সন্তানটিৰ চিকিৎসাৰ বাবে মাতৃগৰাকীয়ে এতিয়া নিজৰ কিডনী বিক্ৰী কৰিবলৈও প্ৰস্তুত হৈ পৰিছে । কিয়নো হাঁতত আছে মাথো সাঁতদিন৷ চিকিৎসকৰ মতে এসপ্তাহৰ ভিতৰত যদি কণমানিটোক অস্ত্ৰোপচাৰ কৰা নহয়, তেন্তে এই সংসাৰৰপৰা চিৰবিদায় মাগিব লাগিব কণমানিটোৱে । ইফালে পুত্ৰৰ এনে যন্ত্ৰনা আৰু চিকিৎসাৰ বাবে কিছু ধন ঘটি পুত্ৰক সুস্থ কৰি তুলিবৰ বাবেই পিতৃ বাবুল দাস এমাহ পূৰ্বে কণমানিটোৰ পিতৃ গৈছে হায়দৰাবাদলৈ । কিন্তু পিতৃৰ এই সপোন হয়তো তেতিয়ালৈ বহু পলম হৈ যাব পাৰে । যাৰ বাবে কণমানিটোৰক পৰিয়ালে আপোনাৰ পৰা বিচাৰিছে অলপ সহায় । আপোনাৰ সহায়ে হয়তো শিশুটিক দিব পাৰে নতুন জীৱন । শিশুটিয়ে ঘুৰাই পাব পাৰে তাৰ সোণোৱালী শৈশৱ আৰু হাঁহি বিৰিঙাই তুলিব পাৰে দৰিদ্ৰ পৰিয়ালটিৰ মুখলৈ৷শিশুটিৰ চিকিৎসাৰ বাবে যদি আপুনি আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে অসম গ্ৰামীণ বিকাশ বেংকৰ জামুগুৰিহাট শাখাৰ 7043010093824 একাউন্ট নম্বৰত নতুবা 6003133242 ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰে৷

Intro:এটি চাৰিবছৰীয়া দেৱশিশুৰ যন্ত্ৰনাকাতৰ জীৱণ৷চিকিৎসাৰ বাবে সহায় ভিক্ষা মাগিছে দৰিদ্ট কণমানি চাৰিবছৰীয়া দেৱশিশু৷জন্মৰপৰাই খোজ কঢ়া আৰু কথা কোৱাৰ সলনি শিশুটিৰ মুখত দিনে নিশাই কেৱল যন্ত্ৰনাকাতৰ কান্দোনৰ ৰোল৷যাৰবাবে দৰিদ্ৰ শিশুটিৰ পৰিয়ালৰ লোকসকলেও চকুৰ পানীৰে বাট নেদেখা হৈছে৷কাৰণ শিশুটিৰ চিকিৎসা কৰিবলৈ তেঁওলোকৰ হাতত নাই পৰ্য্যাপ্ত ধন৷Body:চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পানপুৰ চেঙেলীমৰা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সমুদ্ৰ নামৰ এই দেৱশিশুটি জন্মৰ পিছৰপৰাই এনেদৰেই পখিলা খেদা বয়সখিনি পাৰ কৰিছে কেৱল যন্ত্ৰনাকাতৰ কান্দোন আৰু খোজ কঢ়া,দৌৰাৰ পৰিৱৰ্তে যেন পাৰ কৰিছে এক পঙ্গুত জীৱণ৷অতি দৰিদ্ৰ পৰিয়ালটিয়ে শিশুটিৰ এনে আচৰণ তথা শিশুটিৰ শাৰিৰীক গঠণৰ ওপৰত স্থানীয় শিশু চিকিৎসক,তেজপুৰৰ চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও কোনো সুফল লাভ নকৰি চকুৰ সন্মুখত শিশুটিৰ প্ৰতিনিয়ত এনে যন্ত্ৰনাকাতৰ কান্দোন শুনি শিশুটিক সুস্থ কৰি তোলাৰ বাবেই ঘৰখনৰ খেতি মাটি,গৰু গাই বিক্ৰী কৰি গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হস্পিটেললৈ চিকিৎসাৰ বাবে লৈ যায় আৰু চিকিৎসালয়ৰ চিকিৎসকে শিশুটিৰ মুৰত পানী জমা হৈ থকাৰ বাবেই যন্ত্ৰনাত শিশুটিয়ে এনে আচৰণ কৰা বুলি অৱগত কৰে৷মুৰৰ এটি অপাৰেচন কৰিলেই শিশুটি আৰোগ্য হৈ উঠিব বুলি চিকিৎসকে পৰামৰ্শ দিয়ে যদিও অস্ত্ৰোপ্ৰচাৰৰ বাবে দৰিদ্ৰ পৰিয়ালটিক এতিয়া প্ৰায় ডেৰ লক্ষাধিক টকাৰ প্ৰয়োজন৷যি বৰ্তমান হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ বাবে অসম্ভৱ৷খেতি মাটি,গৰু গোঁহালীটোও এতিয়া কেবল উকা কিয়নো সকলো বিক্ৰী কৰি এতিয়া সৰ্বস্ব হেৰুৱালে পৰিয়ালটিয়ে৷এতিয়া আছে মাথো যেনেতেনে দিন ৰাতি অতিবাহিত কৰা দৰিদ্ৰ পৰিয়ালটিৰ এই পঁজাটি৷সন্তানটিৰ চিকিৎসাৰ বাবে এইগৰাকী মাতৃ এতিয়া নিজৰ কিডনী বিক্ৰী কৰিবলৈও প্ৰস্তুত হৈ পৰিছে কিয়নো হাঁতত আছে মাথো সাঁতদিন৷চিকিৎসকৰ মতে এসপ্তাহৰ ভিতৰত যদি দেৱশিশুটিক অস্ত্ৰোপচাৰ নকৰে তেন্তে এই সংসাৰৰপৰাই চিৰবিদায় মাগিব লাগিব কণমানি এই দেৱশিশুটিয়ে৷ইফালে পুত্ৰৰ এনে যন্ত্ৰনা আৰু চিকিৎসাৰ বাবে কিছু ধন ঘটি আনি পুত্ৰক সুস্থ কৰি তুলিবৰ বাবেই পিতৃ বাবুল দাস এমাহ পূৰ্ৱে ঢপলিয়াই গৈছে হায়দৰাবাদলৈ৷কিন্তু পিতৃৰ এই সপোনো হয়তো তেতিয়ালৈ বহু পলম হৈ যাবগৈ৷Conclusion:
আপোনাৰ কিঞ্চিত সঁহাৰিয়ে হয়তো এই দেৱশিশুটিক আৰোগ্য কৰি তোলাত কিছু সহায়ক হ’ব৷শিশুটিয়ে ঘুৰাই পাব পাৰে তাৰ সোণোৱালী শৈশৱ আৰু হাঁহি বিৰিঙাই তুলিব পাৰে দৰিদ্ৰ পৰিয়ালটিৰ মুখলৈ৷শিশুটিৰ চিকিৎসাৰ বাবে যদি আপুনি আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে অসম গ্ৰামীণ বিকাশ বেংকৰ জামুগুৰিহাট শাখাৰ 7043010093824 একাউন্ট নম্বৰত নতুবা 6003133242 ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰে৷
Byte 1- শিশুটোৰ মাতৃ ৷
Byte-2- শিশুটোৰ আইতা ৷

Pransankar Bhuyan
Sootea
ETv Bharat Assam
30/6/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.