তেজপুৰ, ৩ অক্টোবৰ : সমাগত লোকসভা নিৰ্বাচন ৷ অসমৰ তিনখন জিলাত বিজেপিৰ শীৰ্ষ নেতাৰ ব্যাপক সাল-সলনি । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশমৰ্মে শোণিতপুৰ, বিশ্বনাথ আৰু বঙাইগাঁও জিলাৰ বিজেপিৰ সভাপতি তিনিগৰাকীক তাৎক্ষণিকভাৱে সলনি কৰাৰ পিচতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বার্তালাপত জনায় যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণৰ লক্ষ্যৰে শোণিতপুৰ জিলাৰ বিজেপিৰ সভাপতি পদ মহিলাৰ হাতত অৰ্পণ কৰিছে ৷
![নৱনিযুক্ত সভানেত্ৰী দিপামণি শইকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/as-tezpur-01-3oct-audiobite-pix-bjp-pranabkumardas-7203907_03102023120503_0310f_1696314903_783.jpg)
শোণিতপুৰ জিলাৰ বিজেপিৰ নৱনিযুক্ত সভানেত্ৰী দিপামণি শইকীয়াক পূৰ্বৰ সভাপতি বাতাশ ওৰাঙৰ স্থলাভিষিক্ত কৰে ৷ আনহাতে বিশ্বানাথ জিলাৰ যুৱ প্ৰজন্মৰ নেতা প্ৰাক্তন টিকট প্ৰত্যাশী দিগন্ত ঘটোৱাৰ আৰু বঙাইগাঁও জিলাত উজ্জ্বল ক্রান্তি ৰায়ক নতুনকৈ বিজেপিৰ জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰে ।
![নিৰ্দেশনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/as-tezpur-01-3oct-audiobite-pix-bjp-pranabkumardas-7203907_03102023120503_0310f_1696314903_513.jpg)
শোণিতপুৰ জিলাৰ বিজেপি দলৰ মাজত বিগত সময়চোৱাত এক দলীয় অন্তঃকন্দল পৰিৱেশৰ সৃষ্টি হৈছিল বুলি বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছিল । স্থানীয় কেইবাগৰাকী বিধায়কৰ লগত ভিতৰুৱাকৈ কিছু মনোমালিন্যৰ সৃষ্টি হোৱা বুলি গুজৱ উঠিছিল । এই সন্দৰ্ভত ৰাজ্যিক সভাপতি কলিতাই মন্তব্য প্ৰকাশ কৰে যে, শোণিতপুৰ জিলাত ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ প্ৰভূত্ব আছে ৷ চৰকাৰৰ সবল নেতৃত্বত ইতিমধ্যে কাম চলি আহিছে ৷ এই বিষয়ে পাৰ্টীয়ে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই ৷
বাতাশ ওৰাং এগৰাকী যুৱক ৷ সেয়েহে তেওঁক অধিক গুৰুত্বপূৰ্ণ কামত নিয়োজিত কৰিবলৈ কেন্দ্ৰীয় সমিতিলৈ পদোন্নতি কৰা হৈছে । মন কৰিবলগীয়া যে, আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য ৰাখি বিজেপিৰ মাজত সাম্ভাৱ্য অন্তৰ্দ্বন্দসমূহ আগতীয়াকৈ মষিমুৰ কৰাত সহায়ক হোৱাৰ লক্ষ্যৰে এই তাৎক্ষণিক সালসলনি কৰা হৈছে বুলি এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
![প্ৰাক্তন সভাপতি বাতাশ ওৰাং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/as-tezpur-01-3oct-audiobite-pix-bjp-pranabkumardas-7203907_03102023120503_0310f_1696314903_771.jpg)
অৱশ্যে বিধানসভা নিৰ্বাচনৰ বাবে বহু দূৰ যদিও লোকসভা নিৰ্বাচনত বিজেপিয়ে চাহ বাগিচাৰ অধ্যুষিত অঞ্চলসমূহত যাতে বৰ্তমান সময়ত হেৰাই যাব ধৰা স্থিতি পুনৰ বাহাল ৰাখিব পাৰে তাৰ বাবেও বিশেষ ৰণনীতি তৈয়াৰ কৰিছে । যোৱা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ ৯ টা বিধানসভা সমষ্টিৰ পৰা মুঠ ১১.৯১,৮৮৫ টা ভোট লাভ কৰিছিল ৷
অৰ্থাৎ মুঠ ৭৯.৪৮ শতাংশ ভোট গ্ৰহণ হৈছিল ৷ ইয়াৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে ৬,৮৪,১৬৬ ভোট লাভ কৰি ৫৭.৪৮ শতাংশ দখল কৰিবলৈ সক্ষম হৈছিল আৰু বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন আমোলা এম জি ভি কে ভানুয়ে ৪,৪১,৩২৫ টা ভোট লাভ কৰি ৩৭.০৮ শতাংশ দখল কৰিবলৈ সক্ষম হৈছিল ।
অৱশ্যে দলৰ এই সালসলনিয়ে বৰ্তমান এন্টি ইনকামবেঞ্চি আৰু বিৰোধী দলৰ মিত্ৰ জোঁটৰৰ ভেটি কেনেকৈ ভাঙিব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।
লগতে পঢ়ক: Protest in Guwahati: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ