ETV Bharat / state

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা আই আই টি ৰুড়কীৰ দ্বাৰা শিক্ষাৰ্থীক জীৱিকা নিদানৰ প্ৰশিক্ষণ

author img

By

Published : Jun 18, 2023, 10:21 PM IST

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু আই আই টি, ৰু'ৰকিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক জীৱিকা নিদানৰ প্ৰশিক্ষণ । ৫খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ।

Career diagnosis and training
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

তেজপুৰ, ১৮জুন: তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰত চাৰকাৰৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণৰ দেওবাৰে বিয়লি সামৰণি পৰে ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ আৰু আই আই টি ৰুড়কীৰ উদ্যোগত আই হাব দিব্যা সম্পৰ্কৰ সহযোগত স্বস্তিকা টেলিছাৰ্ভিচেছ আৰু যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয় জীৱিকা নিদান তথা প্ৰশিক্ষণ অনুষ্ঠান ৷ এই অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু ৰুড়কীৰ অধ্যাপক উপস্থিত থাকে । তেওঁলোকে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ লগতে মত-বিনিময় কৰে ৷

আজি বিয়লি সামৰণি পৰা এই প্ৰশিক্ষণ তথা জীৱিকা নিদানৰ দুদিনীয়া অনুষ্ঠানত যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঠেলামৰা উচ্চতৰ মাধ্য়মিক বিদ্যালয়, ছহিদ মণিৰাম একাডেমী, শিলিখাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

এই অনুষ্ঠানটোত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড৹ তপন নাথ, তেজপুৰ বিশ্ববিদ্যালয়ৰ অমিত দত্তই কম্পিউটাৰৰ উপযোগিতা আৰু প্ৰয়োজনীয়তা, কম্পিউটাৰক বিষয় হিচাপেলৈ অধ্যয়ন কৰাৰ বিভিন্ন দিশত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে ৷

একেদৰে Linkdin apps কিদৰে ব্যৱহাৰ কৰিব লাগে, কিদৰে নিজৰ জীৱন গঢ়িব লাগে সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়াই ৷ ইয়াৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশৰ লগে লগে ইন্টানেটৰ সঠিক ব্যৱহাৰ, যোগাযোগৰ সহজ পন্থা, মানুহৰ জীৱনৰ লগত কম্পিউটাৰ, ইন্টাৰনেট কিদৰে জড়িত হৈ পৰিছে, কম্পিউটাৰ বিজ্ঞানত পাইথনৰ ব্যৱহাৰ আদি প্ৰশিক্ষণত ছাত্ৰ-ছাত্ৰীক ব্য়াখ্য়া কৰা হয় ৷ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে সামৰণি অনুষ্ঠানটো পৰিচালনা কৰে ৷

কাৰ্যতঃ ডিজিটেল ইণ্ডিয়াক মুখ্য আধাৰ হিচাপে গ্ৰহণ কৰি কম্পিউটাৰ শিক্ষাক জনপ্ৰিয় কৰাৰ লগতে কম্পিউটাৰ অবিহনে যে বৰ্তমান সময় অন্ধকাৰাচ্ছন্ন হৈ পৰিব, সেই অপ্ৰিয় সত্যক নস্যাৎ কৰিবৰ বাবেই ভাৰত চৰকাৰে এনে উদ্যোগ কৰাটো স্বাভাৱিকতে প্ৰশংসনীয় ৷ প্ৰতিকূল বতৰকো নেওচি কালি পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকে খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শম্ভু বড়ো, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভীষ্মকান্ত মাহাতো, সুমন দেৱী, প্ৰশান্ত নাথ, গৌৰী বৰা আদি ৷

লগতে পঢ়ক:MP Gaurav Gogoi at Kaliabor: মণিপুৰৰ অৰাজক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ সদ্দিচ্ছা চৰকাৰৰ নাই; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.