তেজপুৰ, 4 মাৰ্চ : কৃষিখণ্ডত সামগ্ৰিক বিকাশ আৰু ক্ৰেতা বিক্ৰেতা সকলৰ মিলনৰ অৰ্থে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ APART, শোণিতপুৰৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰ মাজগাঁওস্থিত যুটীয়া কৃষি সঞ্চালকৰ কাৰ্যালয় চৌহদত শুকুৰবাৰে অনুষ্ঠিত হয় এখনি ক্ৰেতা বিক্ৰেতা সন্মিলন (Assam Agribusiness and Rural Transformation Project) । শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰা ক্ৰেতা বিক্ৰেতা সন্মিলনখনত অবিভক্ত শোণিতপুৰ জিলাৰ ২০টা কৃষক উৎপাদক কোম্পানীৰ (FPC) ৰ প্ৰতিনিধি সকলে বিক্ৰেতা হিচাপে অংশগ্ৰহণ কৰে (Buyer seller meet held at Tezpur) ৷

বিক্ৰেতাসকলৰ অধীনস্থ কৃষকসকলে উৎপাদন কৰা বিভিন্ন কৃষিজাত সামগ্ৰী উন্নত জাতৰ FC 11 আলু, ধান, মাটিমাহ, মাকৈ, ঘেঁহু, আপেল, বগৰী, ষ্ট্ৰ’বেৰী, জালুক, আদা, হালধি, খাটি সৰিয়হৰ তেল, গুৰ, জহা চাউল আদি খাদ্য সামগ্ৰী ক্ৰেতা বিক্ৰেতা সন্মিলনস্থলীত প্ৰদৰ্শন কৰা হয় ।

উক্ত সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ বলোৰাম বাৰ্মা ৰাইছ মিলাৰ, ৰাহুল চৌধুৰীৰ ৰিলায়েন্স ৰিটেইল, অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন, NERAMAC কে ধৰি ১৫ টা কোম্পানীৰ প্ৰতিনিধি ক্ৰেতা হিচাপে উপস্থিত থাকি কৃষি উৎপাদক কোম্পানীৰ সৈতে কৃষিজাত সামগ্ৰী ক্ৰয়ৰ বুজা বুজি চুক্তিতো স্বাক্ষৰিত কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ক্ৰেতা বিক্ৰেতা সকলৰ মাজত এক মত বিনিময় সভাৰো আয়োজন কৰা হয় । অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART) শোণিতপুৰৰ কৃষি বাণিজ্যিক সমন্বয়ক সৌৰভ শ্ৰীবাস্তৱে উক্ত অনুষ্ঠানটোৰ আঁত ধৰে ৷

ক্ৰেতা বিক্ৰেতাৰ মত বিনিময় সভাখনত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, কৃষি বিভাগৰ উত্তৰ মণ্ডলৰ যুটীয়া সঞ্চালক পৱিত্ৰ শৰ্মা, নাবাৰ্ডৰ DDM প্ৰিতম নাথ, সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ হৰেশ্বৰ দাস, মহকুমা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ মুৰব্বী অংগনা শৰ্মা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপককে প্ৰমুখ্যে কৰি কৃষি বিভাগৰ বিষয়াৰ লগতে কৰ্মচাৰীসকল ।
লগতে পঢ়ক : Paddy Procurement Centre in Assam: ধেমাজি জিলাৰ কৃষকে পাইছেনে ধানৰ উচিত মূল্য ?