ETV Bharat / state

Bura Chapori Firing Update:বুঢ়া চাপৰিৰ চিতলমাৰীত উপস্থিত শোণিতপুৰ জিলা আয়ুক্ত - তেজপুৰ

মঙলবাৰে চিতলমাৰীত উপস্থিত হ’ল শোণিতপুৰ জিলা প্ৰশাসন ৷ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সংৰক্ষিত বনাঞ্চলৰ চিতলমাৰী অঞ্চল পৰিদৰ্শন কৰে । আজি মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক গতাই দিব মহিলাগৰাকীৰ মৃতদেহ ৷

Bura Chapori Firing Update
বুঢ়া চাপৰিৰ চিতলমাৰীত উপস্থিত শোণিতপুৰ জিলা আয়ুক্ত
author img

By

Published : Jul 18, 2023, 7:37 PM IST

তেজপুৰ,18 জুলাই: সোমবাৰে বুঢ়া চাপৰিৰ চিতলমাৰীত হোৱা বনকৰ্মীৰ গুলীচালনা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ মঙলবাৰে চিতলমাৰীত উপস্থিত হ’ল শোণিতপুৰ জিলাৰ প্ৰশাসন ৷ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সংৰক্ষিত বনাঞ্চলৰ চিতলমাৰী অঞ্চল পৰিদৰ্শন কৰে ।

Bura Chapori Firing Update
বুঢ়া চাপৰিৰ চিতলমাৰীত উপস্থিত শোণিতপুৰ জিলা আয়ুক্ত

উল্লেখযোগ্য যে সোমবাৰে বনকৰ্মীৰ গুলীচালনাত এগৰাকী বেদখলকাৰী মহিলা ফাতেমা খাতুনৰ মৃত্যু হয় আৰু আজি মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক গতাই দিয়া হ’ব মৃতদেহ । আনহাতে জিলা আয়ুক্ত মিশ্ৰই জনোৱা মতে বুঢ়া চাপৰি বন্য প্ৰাণী সংৰক্ষণ এলেকাৰ চিতলমাৰী শিবিৰত ছমাহ পূৰ্বে উচ্ছেদ হোৱা স্থানত বেদখলকাৰীৰ এটা দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল বনকৰ্মীক ৷ এই ঘটনাত বেদখলকাৰীৰ আক্রমণত এগৰাকী বন প্ৰাধিকাৰীৰ লগতে আন তিনিগৰাকী বনকৰ্মী গুৰুতৰ ভাবে আহত হয় ৷

ইফালে বেদখলকাৰীয়ে বন বিভাগৰ চিতলমাৰী কেম্পটো ধ্বংস কৰে আৰু সেই স্থানত নতুনকৈ পুনৰ দখল কৰি অস্থায়ী ঘৰ নিৰ্মাণ কৰিছিল বেদখলকাৰীয়ে । সোমবাৰে বেদখলকাৰীয়ে বন বিভাগৰ কেম্পত ভিতৰত সোমাই দুৱাৰ খিৰিকী ভঙাৰ লগতে কেম্পটো ধ্বংস কৰে বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে এই ঘটনাত আহত হয় বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ বন প্ৰাধিকাৰী( DFO)জয়ন্ত ডেকা, ফৰেষ্ট গাৰ্ড আব্দুল আহাদ, গৃহৰক্ষী জোৱান জ্যোতিপ্ৰসাদ দাস আৰু অৰুণ শইকীয়া ৷ আহত বনকৰ্মীসল বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷

সোমবাৰে বনকৰ্মীৰ গুলীচালনাক নিন্দ প্ৰকাশৰ লগতে CBI তদন্তৰ দাবী কৰিছিল বিধায়ক নুৰুল হুদাই৷ দল সংগঠনেও বন বিভাগক জগৰীয়া কৰি সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰকৃততে জগৰীয়া কোন, বন বিভাগ নে বেদখলকাৰী ! সেয়া তদন্তত পোহৰলৈ আহিব ৷

লগতে পঢ়ক:Bura Chapori Firing Incident: উচ্ছেদিত লোকৰ আক্ৰমণত আহত 4 বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.