ETV Bharat / state

বড়ো শান্তি চুক্তিৰ বিৰোধিতাৰে তেজপুৰত প্ৰতিবাদ - তৃতীয় বড়ো চুক্তি স্বাক্ষৰ

বড়ো চুক্তিৰ আধাৰত উত্তৰ অসমৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত হোৱাৰ আশংকাত সোমবাৰে চাহ বাগিচা অধ্যুষিত অঞ্চলত বিৰোধিতাৰে বন্ধ পালন কৰা হয় ৷ এন ডি এফ বিৰ চাৰিটা গোট আৰু বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও গোটৰ লগত সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত তৃতীয় বড়ো চুক্তি স্বাক্ষৰ হয় ।

তেজপুৰ
বড়ো শান্তি চুক্তি
author img

By

Published : Jan 27, 2020, 3:05 PM IST

তেজপুৰ,২৭ জানুৱাৰীঃ বড়ো চুক্তিৰ আধাৰত উত্তৰ অসমৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত হোৱাৰ আশংকাত সোমবাৰে চাহ বাগিচা অধ্যুষিত অঞ্চলত বিৰোধিতাৰে বন্ধ পালন কৰা হয় ৷ সংশ্লিষ্ট চুক্তিৰ ফলত উক্ত অঞ্চলত বসবাস কৰা লোকৰ মাজত সংশয় সৃষ্টি হোৱাৰ বাবে এই বিৰোধিতা প্ৰদৰ্শন কৰে । এন ডি এফ বি ৰ চাৰিটা গোট আৰু বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও গোটৰ লগত সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত তৃতীয় বড়ো চুক্তি চুক্তি স্বাক্ষৰ হয় ।

বড়ো শান্তি চুক্তি

উল্লেখ্য যে, ১৯৯৩ চনত বড়ো জনগোষ্ঠীয় প্ৰথমখন চুক্তি স্বাক্ষৰিত হৈছিল ৷ ইয়াৰ পিছত ২০০৩ চনত আন এক চুক্তি স্বাক্ষৰিত হয় ৷ বি টি এ ডি গঠনৰ ঠিক ১৬ বছৰ পাছত সোমবাৰে সকলো বিদ্ৰোহী সংগঠনৰ লগত হোৱা চুক্তিৰ ফলত এক দীৰ্ঘদিনীয়া আন্দোলনৰ সমাপ্তি ঘটে ৷

লগতে চাওকঃস্বাক্ষৰিত হ’ল তৃতীয় বড়ো চুক্তি

Intro:তেজপুৰ,২৭ জানুৱাৰী : বড়ো চুক্তিৰ আধাৰত উত্তৰ অসমৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত হোৱাৰ আশংকাত আজি চাহ বাগিচা আধুষিত অঞ্চলত বিৰোধিতা কৰি বন্ধ পালন কৰে ।সংশ্লিষ্ট চুক্তিৰ ফলত উক্ত অঞ্চলত বসবাস কৰা লোকৰ মাজত সংশয় হোৱাৰ বাবে এই বিৰোধিতা ।

Body:এন ডি এফ বি ৰ চাৰিটা গোটৰ আৰু বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও গোটৰ মাজত আজি কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ মাজত এক চুক্তি স্বাক্ষৰ হয় ।১৯৯৩ বড়ো জনগোষ্ঠীৰ মাজত প্ৰথমটো চুক্তি স্বাক্ষৰ হৈছিল আৰু লগে লগেই বি টি চি হল ইয়াৰ পিছত ২০০৩ চনত আন এক চুক্তি স্বাক্ষৰ হৈছিল আৰু বড়ো সকলৰ বাবে বি টি এ ডি গঠন হল তাৰ ঠিক ১৬ বছৰ পাছত এতিয়া সকলো বিদ্ৰোহী সংগঠনৰ লগত লৈ, উ টি চি গঠন ইউনাইটেড টেৰীতৰিল কোউন্সিল ,আৰু বড়ো সকলৰ মাজত থকা সকলো দিশতে সামৰি আজি দীৰ্ঘদিনীয়া আন্দোলনৰ এক সমাপ্তি ঘটে

এই সমগ্ৰ ঘটনা ক লৈ উত্তৰ অসমৰ বিশ্বনাথত আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত অনা বড়ো সকলৰ মাজত এক নতুন ভাবুকি কঢ়িয়াই আনিছে যাৰ বাবে সোমবাৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ।
শোণিতপুৰ জিলাৰ অন্তৰ্গত চাহ বাগিচাৰ আৰু বিশ্বনাথৰ বাস কৰা লোকৰ মাজত কোনো অসুবিধা নহয় বুলি জানিব দিয়ে অসম চৰকাৰৰ শ্ৰম সঞ্জয় কিষানে ।
Bite: সঞ্জয় কিষান , শ্ৰম মন্ত্ৰী ।
আনহাতে তেজপুৰৰ সাংসদ পল্লব লোচন দাসে কয় যে এই চুক্তিৰ আধাৰত চাহ বাগিচাৰ অধুষিত অঞ্চলৰ আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠাইত কোনো প্ৰভাৱ নপৰে ।
Bite: পল্লব লোচন দাস, সাংসদ তেজপুৰ ।

Conclusion:কিন্তু এই চুক্তিৰ আধাৰত মদলটি (Modoliti) অৰ্থাৎ বিস্তৃত তালিকা প্ৰকাশ পোৱাৰ পিছত সবিশেষ তথ্য পোহৰলৈ আহিব ।

END PTC ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
২৭/১/২০২০ /
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.