ETV Bharat / state

লোহিত জিলাত বৰ্ডাৰ ৰোডছ শ্ৰমিকৰ প্ৰতিবাদ - লোহিত জিলা

ক'ভিড পৰিস্থিতিৰ মাজতে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুত বৰ্ডাৰ ৰোডছৰ শ্ৰমিকসকলে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷ 26 জুলাইৰ পৰা 28 জুলাই লৈকে অব্যাহত থাকিব এই প্ৰতিবাদ ৷ প্ৰাপ্য আদায়ৰ দাবীত এই প্ৰতিবাদ কৰিছে শ্ৰমিকসকলে ৷

border-roads-workers-protest-at-arunachal-pradesh
অৰুণাচল প্ৰদেশৰ লোহিত জিলাত বৰ্ডাৰ ৰোডছৰ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Jul 26, 2021, 10:13 PM IST

তেজপুৰ, 26 জুলাই : তিনিদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ কেজুৱেল শ্ৰমিকসকলে গ্ৰহণ কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী ৷ বৰ্ডাৰ ৰোডছৰ 48 BRTF ৰ কামাণ্ডাৰৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় 200 ৰো অধিক শ্ৰমিকে তেওঁলোকৰ নিয়মীয়া দৰমহাৰ প্ৰদান নকৰাৰ লগতে লকডাউনৰ সময়ত কোনো সুবিধা প্ৰদান নকৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ শ্ৰমিক সকলৰ মতে, প্ৰায় 200 গৰাকী শ্ৰমিকৰ মাহিলী দৰমহা আৰু ভাট্টা নিয়মীয়াকৈ প্ৰদান কৰা হোৱা নাই ৷ ইয়াৰ পূৰ্বে এখন লিখিত পত্ৰৰ যোগেদি জিলাখনৰ 48 BRTF ৰ কামাণ্ডাৰ আৰু শ্ৰম বিভাগৰ বিষয়াক ক'ভিড লকডাউনৰ সময়ত তেওঁলোকৰ প্ৰাপ্যসমূহ মোকোলাই দিবলৈ আহ্বান জনাইছিল প্ৰতিবাদকাৰীসকলে ৷

border-roads-workers-protest-at-arunachal-pradesh
অৰুণাচল প্ৰদেশৰ লোহিত জিলাত বৰ্ডাৰ ৰোডছৰ শ্ৰমিকৰ প্ৰতিবাদ

আনহাতে এই কেজুৱেল শ্ৰমিকসকলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাটো নিশ্চিত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত প্ৰতিবাদকাৰীসকলে অৰুণাচল প্ৰদেশৰ লোহিত জিলাত সোমবাৰৰ পৰা অৰ্থাৎ 26 জুলাইৰ পৰা 28 জুলাই লৈকে পথসমূহৰ সকলো কাম কাজ বন্ধ কৰি দিছে ৷ লগতে 48 BRTF ৰ কামাণ্ডাৰৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে ৷ উল্লেখযোগ্য যে, শ্ৰমিকসকলে বিগত সময়চোৱাত কোনো ধৰণৰ সহায় নোপোৱাৰ ফলতে এইধৰণৰ চৰম পৰ্যায়লৈ যাবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰী শ্ৰমিকসকলে ৷

ইফালে শ্ৰমিকসকলে তেওঁলোক নূন্যতম সা-সুবিধা সমূহৰ পৰাও বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৷ লগতে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছতো কোনো ফল লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকৰ দাবী, অতি শীঘ্ৰেই শ্ৰমিকসকলৰ প্ৰাপ্যসমূহ সোনকালে মোকোলাই দিয়াৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়কঃ লাফিকুল হত্যাৰ চাৰি বছৰ: ন্যায় নোপোৱাত ক্ষুব্ধ এবিএমছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.