ETV Bharat / state

আজি তেজপুৰলৈ অনা হ’ব হিমস্খলনত মৃত্যু হোৱা বীৰ জোৱানৰ মৃতদেহ - অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত হিমস্খলন

১৯ নং জম্মু কাশ্মীৰৰ ৰাইফলছ আৰু ইঞ্জিনীয়াৰ গ্রুপৰ বীৰ সৈনিকৰ নশ্বৰদেহ বৃহস্পতিবাৰে হেলিকপ্টাৰযোগে অৰুণাচল প্ৰদেশৰ খুপিৰ পৰা তেজপুৰ লৈ অনা হ’ব । ভাৰতীয় বায়ুসেনাৰ তেজপুৰ শালনিবাৰী ঘাটীত তেওঁলোকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ভাৰতীয় সেনাৰ চতুৰ্থ কৰৰ জি অ’ চি য়ে । অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰচণ্ড হিমবাহৰ ফলত মৃত্যু হৈছিল জোৱানকেইজনৰ (Indian Army trooper killed during avalanche in Arunachal) ।

arunachal avalanche
হিমস্খলনত মৃত্যু হোৱা বীৰ জোৱান
author img

By

Published : Feb 10, 2022, 11:36 AM IST

তেজপুৰ, ১০ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত হিমস্খলনত নিহত হোৱা ভাৰতীয় সেনাৰ ৭ গৰাকী জোৱানৰ মৃতদেহ বৃহস্পতিবাৰে তেজপুৰলৈ অনা হ'ব । ১৯ নং জম্মু আৰু কাশ্মীৰৰ ৰাইফলছ আৰু ইঞ্জিনীয়াৰ গ্রুপৰ বীৰ সৈনিককেইজনৰ নশ্বৰদেহ অৰুণাচল প্ৰদেশৰ খুপিৰ পৰা হেলিকপ্টাৰযোগে তেজপুৰ লৈ অনা হ’ব ৷ তেজপুৰত ভাৰতীয় বায়ুসেনাৰ তেজপুৰ শালনিবাৰী ঘাটীত তেওঁলোকক ৰখা হ’ব আৰু তাতে ভাৰতীয় সেনাৰ চতুৰ্থ কৰৰ জি অ’ চিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত ভাৰত চীন সীমান্তৰ তহলদাৰী এটা দলৰ ৭ জন জোৱান ৬ ফেব্ৰুৱাৰীত প্ৰচণ্ড হিমবাহৰ কৱলত পৰি ১৪,৫০০ ফুট উচ্চতাত(High Altitude area of Kameng Sector in Arunachal Pradesh) সন্ধানহীন হৈ আছিল । সেনাৰ উদ্ধাৰকাৰী দলে প্ৰায় দুদিনযোৰা অভিযানৰ পাছত মঙলবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে(Indian Army trooper killed during avalanche in Arunachal) ৷ নিহত জোৱানকেইজন ক্ৰমে হাবিলদাৰ যুগল কিশোৰ শৰ্মা, গানাৰ গুৰ্বজ সিং, ৰাইফলমেন অৰুণ কাত্তাল, বিশাল শৰ্মা, অনকেশ ভাৰদ্বাজ, অক্ষয় পাথনিয়া আৰু ৰাকেশ সিং বুলি চিনাক্ত কৰা হৈছে ।

হাবিলদাৰ যুগল কিশোৰ আৰু তেওঁৰ লগৰ এজনৰ ঘৰ জম্মুৰ আখনৰ জিলাৰ বুলি জানিব পৰা গৈছে । যুগাল কিশোৰৰ এটি চাৰি বছৰীয়া সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে । তেজপুৰৰ পৰা বৃহস্পতিবাৰেই বীৰ সৈনিককেইজনৰ নশ্বৰদেহ বিমানযোগে নতুন দিল্লীলৈ লৈ যোৱা হ’ব আৰু তাতে তেওঁলোকক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰা হ’ব ।

লগতে পঢ়ক : টেঙাস্থিত সেনাৰ শিবিৰলৈ অনা হ'ব অৰুণাচলত নিহত জোৱানৰ মৃতদেহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.