ETV Bharat / state

চতিয়াত বিজেপিৰ সাংগঠনিক সভা : শতাধিক লোকৰ বিজেপিত যোগদান

author img

By

Published : Jan 24, 2021, 10:55 PM IST

Updated : Jan 24, 2021, 11:01 PM IST

চতিয়া সমষ্টিৰ মংগলবৰীয়াত অনুষ্ঠিত বিজেপিৰ সাংগঠনিক সভাত শতাধিক লোকৰ বিজেপিত যোগদান ৷ সভাত বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ ৷ বিজেপিৰ দলীয় প্ৰতীক সম্বলিত গামোছা আৰু টুপি পিন্ধাই যোগদানকাৰী সকলক দললৈ আদৰণি জনালে বিধায়ক হাজৰিকাই ৷

bjp organizational meeting organized at sootea constituency

চতিয়া, 24 জানুৱাৰী: দেওবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ অন্তৰ্গত মংগলবৰীয়াত অনুষ্ঠিত এখন দলীয় সাংগঠনিক সভাত বিধায়ক পদ্ম হাজৰিকাই অংশ গ্ৰহণ কৰে ৷ চতিয়া সমষ্টিৰ টুপীয়াৰপৰা বিধায়ক গৰাকীক শতাধিক বাইকৰে প্ৰায় 10 কিলোমিটাৰ বাইক ৰেলি কৰি যুৱ মৰ্চাৰ সদস্যসকলে আগবঢ়াই লৈ যায় ৷

চতিয়াত বিজেপিৰ সাংগঠনিক সভা

নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাখনিত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত এলেকাৰ শতাধিক লোকে বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ ইয়াৰ লগতে সাংগঠনিক সভাখনতেই শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰচাৰ সচিব অঞ্জন শৰ্মা, জিলা কাৰ্যকৰী সদস্য মানস শৰ্মা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ জামুগুৰি আঞ্চলিক সমিতিৰ কাৰ্যকৰী সদস্য স্বৰূপ মিশ্ৰই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷

যোগদানকাৰী প্ৰতিগৰাকীকে বিধায়ক হাজৰিকাই বিজেপিৰ দলীয় প্ৰতীক সম্বলিত গামোছা আৰু টুপি পিন্ধাই দললৈ আদৰণি জনায় ৷ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় শৰ্মাই আঁত ধৰা সাংগঠনিক সভাখনিত বিধায়ক হাজৰিকাৰ লগতে বহু কেইগৰাকী দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক:ৰাজ্যত এতিয়া ল’ৰা ৰজা আৰু লালুকসোলাৰ অপশাসন চলিছে: প্ৰদ্যুৎ বৰদলৈ

Last Updated : Jan 24, 2021, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.