ETV Bharat / state

কংগ্ৰেছ শূন্য হোৱাৰ দিশে শোণিতপুৰ জিলা !

author img

By

Published : Sep 2, 2021, 3:25 PM IST

অসমত অব্যাহত আছে দল বাগৰাৰ ৰাজনীতি । উপ নিৰ্বাচন যিমানে ওচৰ চাপি আহিছে বিজেপিলৈ অগ্ৰসৰ হৈছে বহু নেতা । শোণিতপুৰ জিলাৰ বহু শীৰ্ষ নেতা কৰ্মীয়ে যোগ দিলে বিজেপিত ।

bjp joining
কংগ্ৰেছ শূন্য হোৱাৰ দিশে শোণিতপুৰ জিলা

তেজপুৰ, ২ ছেপ্টেম্বৰ : শোণিতপুৰ কংগ্ৰেছত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে ৷ উপনিৰ্বাচনৰ প্ৰাকক্ষণত ইজনৰ পাছত সিজন কংগ্ৰেছী নেতাই বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে । দীৰ্ঘদিন ধৰি শোণিতপুৰ জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱন দপদপাই থকা একাংশ নেতা-কৰ্মীয়ে বুধবাৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস আৰু ৰঙাপৰা বিধায়ক কৃষ্ণ কমল তাঁতীৰ উপস্থিতিত গেৰুৱা দলত যোগ দিয়ে ।

জিলাখনৰ প্ৰাক্তন সভাপতি আৰু উপ সভাপতিৰ লগতে প্ৰায় শতাধিক কংগ্ৰেছৰ কৰ্মীয়ে আনুস্থানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ কংগ্ৰেছ নেতৃত্বৰ ভুল নীতিৰ বাবেই এইসকল কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বুলি এতিয়া চৰ্চা চলিছে ৷ ইয়াৰ উপৰিও অসম জাতীয় পৰিষদৰ (AJP) কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বৰচলা সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী উপেন ৰাজ নাথৰ লগতে অগপ (AGP) আৰু আছুৰ (AASU) বহুকেইজন সদস্যইও বিজেপিত যোগদান কৰে ৷ জিলাখনৰ কেইবাগৰাকী শীৰ্ষ কংগ্ৰেছীয়ে দল ত্যাগ কৰাৰ লগে লগে একপ্ৰকাৰ শূন্য হৈ পৰিল শোণিতপুৰৰ কংগ্ৰেছ শিবিৰ ৷

bjp joining
কংগ্ৰেছ শূন্য হোৱাৰ দিশে শোণিতপুৰ জিলা

তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ন বিজেপিসকলক দললৈ আদৰণি জনায় ৷ সাংসদ গৰাকীয়ে লগতে কয় যে উজনি অসম কংগ্ৰেছ শূন্য হৈ পৰিছে । কংগ্ৰেছ দলে মহাজোঁটৰ নামত কেতিয়াবা বদৰুদ্দিন আজমল, কেতিয়াবা অখিল গগৈৰ লগত লগ লাগিব খুজিছে কিন্তু কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে বিজেপিলৈ ঢাপলি মেলিছে ৷

গতিকে কংগ্ৰেছ দলে কাক লৈ ৰাজনীতি কৰিব বুলিও কটাক্ষ কৰে সাংসদ জনে ৷ উপনিৰ্বাচনত এইবাৰ কংগ্ৰেছ সম্পূৰ্ণৰূপে নিঃশেষ হ’ব বুলিও দাবী কৰে সাংসদজনে ৷ গণতন্ত্ৰত এটা দলৰ পৰা আনটো দললৈ ঢাপলি মেলা কোনো নতুন কথা নহয় ,কিন্ত অসমৰ ৰাজনীতিত বিৰোধীৰ শিবিৰ বুলিবলৈ এসময়ত যেন কোনোৱে নাথাকিব !

ইফালে বিগত বিধানসভা নিৰ্বাচনৰ আগৰে পৰা দল সলোৱাৰ পৰম্পৰা অব্যাহত আছে । যাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ আশা প্ৰত্যাশা ভংগ কৰি একাংশ নেতা ক্ষমতাৰ দিশে অগ্ৰসৰ হোৱাও দেখা গৈছে । তেনেস্থলত নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ বাবে সমষ্টিৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:সীমা সমস্যা সমাধানত 'দিয়া-লোৱা' নীতিৰ বিৰোধিতা কাৰ্বি দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.