ETV Bharat / state

কংগ্ৰেছ বুলি ক'লে বৰ্তমান গেলামালৰ দোকনীয়েও বাকীত বস্তু নিদিয়ে !!

ৰঙাপৰাত ব্যাপক নৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৷ উপ নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ ৷

zz
author img

By

Published : Oct 14, 2019, 11:19 PM IST

ৰঙাপৰা, 14 অক্টোবৰঃ ৰঙাপৰাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৷ উপ নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কংগ্ৰেছ দলটো বৰ্তমান পুৰণি পাঁচশ টকীয়া নোটৰ দৰে হৈ পৰিছে । কংগ্ৰেছ বুলি কলে বৰ্তমান গেলামাল দোকনীয়েও বাকীত বস্তু নিদিয়ে বুলি তীব্ৰ আক্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ গতিকে কংগ্ৰেছক ভোট দিলে আপোনালোকৰ একো লাভ নহ’ব বুলিও মন্তব্য কৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছ এতিয়া পুৰণি পাঁচশ টকীয়া নোটৰ দৰে: ড0 হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰঙাপৰাৰ ৰে’লৱে খেল পথাৰত বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় । য’ত হিমন্ত বিশ্ব শৰ্মাই কয় কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে বিগত পোন্ধৰটা বছৰে সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম নহ’ল ৷ পোন্ধৰটা বছৰে ঢেকীয়াজুলিৰ পৰাই সমষ্টিটো চোৱা-চিতা কৰি আহিছিল । বৰ্তমানৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীক ৰঙাপৰাখন ঠিকাত দিছিল বুলি ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

ইয়াৰ লগতে, ৰঙাপৰা সমষ্টিত কংগ্ৰেছ দলে কেৱল সাম্প্ৰদায়িকতা ৰাজনীতি কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি বঙালী, নেপালী, অসমীয়া, বাগানীয়া বুলি ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ৷

আজি পল্লৱ লোচন দাসৰ কাৰ্যকালত ৰঙাপৰাৰ বহু উন্নয়ন হৈছে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী জিকিলে ৰঙাপৰাত পুনৰ অমৱশ্যা দৰে হৈ পৰিব । গতিকে এতিয়া নৰেন্দ্ৰ মোডীৰ হাতত খনক শক্তিশালী কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ৷

Intro:ৰঙাপৰা নিৰ্বানী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাঃ ব্যাপক প্ৰচাৰ বিজেপিৰBody:ৰঙাপৰাঃ কংগ্ৰেছ দলটো বৰ্তমান পুৰণি পাঁচশ টকীয়া নোটৰ দৰে হৈ পৰিছে। কংগ্ৰেছ বুলি কলে বৰ্তমান গেলামাল দোকনীয়েও বাকীত বস্তু নিদিয়ে। গতিকে কংগ্ৰেছক ভোট দিলে আপোলোকৰ একো লাভ নহ’ব এইদৰে মন্তব্য কৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই। আজি ৰঙাপৰাৰ ৰেলৱে খেল পথাৰত বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে বিগত পোন্ধৰ বছৰত ৰঙাপৰা সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম নহ’ল ৷ পোন্ধৰটা বছৰৰে ঢেকীয়াজুলিৰ পৰাই সমষ্টিটো চোৱা-চিতা কৰিলে। বৰ্তমানৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীক ৰঙাপৰাখন ঠিকাত দিছিল আৰু তেনেকৈ চলি আছিল ৰঙাপৰা সমষ্টিখন। কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। নেডাৰ আহ্বাহক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ৰঙাপৰা সমষ্টিত কংগ্ৰেছ দলে কেৱল সাম্প্ৰদায়িকতা ৰাজনীতি কৰিছে বঙালী,নেপালী,অসমীয়া, বাগানীয়া বুলি কিহৰ ৰাজনীতি আৰম্ভ কৰিছে ? আমি সকলে ভাৰতীয় আৰু ভাৰতমাতাৰ সন্তান৷ আমাক ভাগ ভাগ কৰিবলৈ চেষ্টা নকৰিব ৷ জ্যোতি প্ৰসাদ আগৰৱালাই কোৱা দৰে মই অসমীয়া, মই ভাৰতীয় ৷ আজি বিজেপি চৰকাৰৰ দিনত ৰঙাপৰাৰ বহু উন্নয়ন ঘটিছে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী জিকিলে ৰঙাপৰা পুণৰ অমাৱশ্যৰ দৰে হৈ পৰিব। কংগ্ৰেছ দলটোৱে সম্প্ৰতি স্থানীয়-অস্থানীয় ব্যক্তিক লৈ ৰাজনীতি আৰম্ভ কৰিছে। মাজুলি সমষ্টিৰ পৰা জয়যুক্ত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লোকেল নেকি ? জালুকবাৰী সমষ্টিৰ পৰা বিশ বছৰ ধৰি মই বিধায়ক হৈ আছো। জালুকবাৰীত মোৰ ঘৰো নাই, মোৰ ঠিকনাও নাই।সমষ্টি উন্নয়ন কৰিবলৈ মানুহৰ সদিচ্ছা থাকিব লাগিব। কাম কৰিবলৈ হ’লে স্থানীয়-অস্থানীয় বুলি একো নাই বুলি ভাষনত কয়।বিজেপিৰ নিৰ্বাচনী সভাখন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত জনপ্ৰিয় কণ্ঠশিল্পী চাজন নায়কে গীত পৰিৱেশন কৰাত সমবেত ৰাইজক আপ্লুত হয়। নিৰ্বাচনী সভাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীয়ুজ হাজৰিকা, মংগলদৈ লোকসভাৰ সমষ্টিৰ সাংসদ দিলীপ বৰা, বিশ্বনাথ চাৰিআলিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, কন্যাক নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, শোণিতপুৰ জিলা পৰিষদৰ সদস্যা ডলি চুৰিণ, বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰাজেন বৰঠাকুৰকে ধৰি আৰু ৰঙাপৰা-বালিপৰা ব্লক মণ্ডলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.