ETV Bharat / state

Birthday of Aishwarya Kakati: প্ৰবীন নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন

৭৯ বছৰত পদাৰ্পন কৰিলে প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে (Playwright Aishwarya Kakati)। এই জন্মদিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা ড৹ ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশন কৰা হ'ব "ছ হাত মাথোঁ "।

Birthday of Aishwarya Kakati
প্ৰবীন নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন
author img

By

Published : Nov 2, 2022, 4:38 PM IST

তেজপুৰ,২ নৱেম্বৰ: তেজপুৰ তথা ৰাজ্যৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে বুধবাৰে ৭৯ বছৰত পদাৰ্পন কৰিলে (Birthday of Aishwarya Kakati) ৷ তেজপুৰৰ পাৰ্বতী নগৰ নিবাসী তথা নাট্যক্ষেত্ৰখনত সক্ৰিয় হৈ থকা নাট্যকাৰ,পৰিচালকগৰাকীয়ে প্ৰতিটো জন্ম দিনত এখন নাটক দৰ্শকক উপহাৰ দি আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ ৭৯ সংখ্যক জন্ম দিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা ড৹ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশন কৰা হ'ব "ছ হাত মাথোঁ "।

তেওঁ ১৯৪৩ চনৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ কৰে যদিও শৈশৱতে তেজপুৰৰ খুড়াকৰ ঘৰত থাকিয়েই অধ্য়য়ন কৰে ৷ প্ৰয়াত তাৰানাথ কাকতি আৰু প্ৰয়াত মোহিনী কাকতিৰ পুত্ৰ ঐশ্বৰ্য কাকতিয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ত (Tezpur Government Higher Secondary School) অধ্য়য়নৰ পিছত দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে ৷

79 সংখ্যক জন্মদিন উদযাপন কৰাৰ প্ৰাক্মুহূৰ্তত প্ৰবীন নাট্য শিল্পীগৰাকীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে এক জেদত পৰিয়েই মহাবিদ্যালয়ত পঢ়ি থাকোতে ১৯৬৬ত সংগীত নাটকম নামৰ অনুষ্ঠানৰ জন্ম দিছিল ৷ এই অনুষ্ঠানৰ সহযোগী কাণ্ডাৰী সকল নিপন গোস্বামী (Actor Nipon Goswami) ,প্ৰণৱ সিংহ,সত্যৰঞ্জন কলিতা,ৰবীন গায়নে ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় লৈছে ৷ একেদৰেই আন এক বিশেষ কাৰণত তেওঁ ১৯৮০ত ৰচনা কৰিছিল শিশু নাটক 'দিৱাৰ ট'ৰনি হ্যেয়' ৷

প্ৰথম অৱস্থাত অভিনেতা হিচাপে সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত থকাৰ বিপৰীতে বন্ধু নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ বিয়োগৰ পাছত শুভাকাংক্ষী সকলৰ আহ্বানত কাকতিয়ে নাটক ৰচনা কৰিবলৈ লয় ৷ পৰৱৰ্তী সময়ত তেওঁ নাটক ৰচনা আৰু পৰিচালনা কৰে । তেওঁ দূৰদৰ্শনৰ বাবে মৃত্যু জানো এক শিল্প,দেৱাল ভঙাৰ গান,আখৰি চালাম,সেই মৃত্যু অপৰাজেয় নাটক ৰচনা তথা পৰিচালনা কৰে ৷ আনহাতে,এমেচাৰ নাট্য গোষ্ঠীৰ বাবে তেওঁ ৰচনা কৰে ঔৰংজেৱৰ ফাঁচী,মইনামতীৰ কুৰুক্ষেত্ৰ,বদন বৰফুকন,ইপাৰ-সিপাৰ,শাৰী শাৰী পতাকা,ছাঁ পোহৰৰ খেলা,অংকুৰ,দেশ চলি আছে,মমেন্তাম,ইভলিউচন,কোমাই চিমাই,সুখ এটা ইলিউশ্যন,বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন,ৰঙীন চশমাৰ পৃথিৱী,হৃদয়ত গোপনে,সন্ধ্যা আহিল কোনবাটে,ধুমুহাতো জ্বলি আছে বন্তিগছি আদি নাটক ৷

কেবল সিমানেই নহয়,তেওঁ দেৱাল ভঙাৰ গান,থোৰা চা আচমান,আখৰি চালাম আৰু স্কুল বেগ নামৰ চাৰিখন শিশু নাটক ৰচনা তথা পৰিচালনা কৰি দেশে-বিদেশত সমাদৃত হৈছে ৷ এইজন ছিৰিয়াছ নাট্যকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবেও ভালেকেইখন নাটক ৰচনা কৰিছে ৷ ইয়াৰে ভিতৰত ৰূপালিম থিয়েটাৰৰ ৰাতিৰ জুই,শেষ প্ৰহৰ,অসম ষ্টাৰৰ জয় জয়ন্তী,সম্ৰাট,গিৰিৰাজ আৰু সমন্বয় থিয়েটাৰৰ অপবিত্ৰ দেৱতা,দেৱতাৰ মৃত্যু,অগ্নিগৰ্ভা জন্মভূমি অন্য়তম ।

অভিনয়ৰ কথা স্মৰণ কৰি তেওঁ কয় যে ১৯৫৮ত পুৰণা বাণ থিয়েটাৰত কুলেন গোস্বামীৰ স'তে প্ৰথমখন নাটকত অভিনয় কৰিছিল ৷ আনাহতে, টিপু চুলতান নাটকত নটসূৰ্য ফণীশৰ্মাৰ স'তে অভিনয় কৰিছিল বেংগলী থিয়েটাৰত ৷ তেতিয়া তেওঁ আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে মঞ্চৰ মাজতে থকাৰ আৰু মঞ্চতে মৃত্যু হোৱাটোকে কামনা কৰা বুলি তেওঁ কয়।

এইগৰাকী নাট্যকাৰ তথা পৰিচালকে বৰ্তমান তেওঁৰ নাট্যক্ষেত্ৰৰ বন্ধুসকলৰ ভিতৰত হেমন্ত দত্ত,বিঞ্চু খাৰঘৰীয়া আৰু দীনেশ দাসেই জীৱিত থকাৰ বিষয়েও উল্লেখ কৰে ৷ পত্নী,দুই বিবাহিতা কন্যা আৰু একমাত্ৰ পুত্ৰৰে এটি সুখী জীৱন অতিবাহিত কৰি আছে এইগৰাকী বিশিষ্ট নাট্যকাৰ পৰিচালকে ।

এই পৰ্যন্ত তেওঁৰ শাৰী শাৰী পতাকা নামৰ নটকখন গ্ৰন্থ ৰূপে প্ৰকাশ পোৱাৰ লগতে জীৱন যাত্ৰাৰ সংগী নামৰ উপন্যাস আৰু ঐশ্বৰ্য বিচিত্ৰা নামৰ আন দুখন গ্ৰন্থ প্ৰকাশ পাইছে ৷ উল্লেখ্য় যে কেতিয়াও কিবা পোৱাৰ আশাত নাটক ৰচনা তথা অভিনয় আৰু পৰিচালনা নকৰা এইগৰাকী স্পষ্টবাদী শিল্পীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ লগতে কটকৰ উৎকল যুৱক সাংস্কৃতিক সন্থাৰ পৰা নাট্যভূষণ সন্মান লাভ কৰিছে ৷ তদুপৰি অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক নাট্যকাৰ পৰিচালক তথা অভিনেতাগৰাকীক নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বঁটা আৰু প্ৰফুল্ল বৰা সোঁৱৰণী বঁটাও আগবঢ়োৱা হৈছে ৷

তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰে শৈশৱৰে পৰাই জড়িত হোৱা কাকতিয়ে পৰৱৰ্তী সময়ত নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ পৰিচালনাত উপপথ,সাঁকো,বৰুৱাৰ সংসাৰ,বান,সময়,মৃত্যুঞ্জয়,হীৰেণ চৌধুৰীৰ নাটক 'অলিম্পিক',নটসূৰ্য ফণী শৰ্মাৰ নাটক' এমুঠি চাউল',চন্দ্ৰধৰ গোস্বামীৰ নাটক' কাঞ্চনৰংগ',সুজিৎ সিংহৰ পৰিচালনাত ৰূপালিম,মেন উইদাউট ছেদ,চি আই ডি আৰু দেবকুমাৰ নাথৰ পৰিচালনাত ভিউ ফ্ৰম দি ব্ৰীজ আদিকে ধৰি ১৩খন নাটকত বলিষ্ঠ অভিনয় কৰে ৷

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.