তেজপুৰ,৭ জুলাই : Biofloc পদ্ধতিৰে মাছ পালন কৰি তেজপুৰত স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে তিনি নিবনুৱা যুৱকে । তেজপুৰ গতঙ্গাত তিনিজন শিক্ষিত নিবনুৱা যুৱকে সামান্য ভূমিত বৈজ্ঞানিক পদ্ধতিৰে tank বহুৱাই বিভিন্ন প্ৰজাতিৰ মাছ উৎপাদন কৰিছে ৷ Biofloc হৈছে পেলনীয়া সামগ্ৰীৰ পদ্ধতি ৷ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি বাহিৰৰ পৰা অহা পানীক বীজাণু মুক্ত কৰা হয় ।
লগতে পঢ়কঃ নলবাৰীত চলিছে মহিলাৰাজ...
প্ৰথমে এই প্ৰক্ৰিয়া ইজৰাইলত উদ্ভাৱন কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষতত আৰু লাহে লাহে অসমত একাংশ শিক্ষিত নিবনুৱা যুৱকে এই পদ্ধতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে । লকডাউনৰ সময়ছোৱাত Biofloc পদ্ধতিৰে মৎস্য পালনত ব্যস্ত হৈ পৰিছে তেজপুৰৰ অংকুৰ মধুকালায়া , বিশ্বজিত উজিৰ আৰু মন্দ্বীপ জ্যোতি নাথ । এম'নিয়া আৰু নাইট্ৰেটক খাদ্য লৈ পৰিৱৰ্তন কৰি টেংকৰ মাছসমূহক খাদ্য হিচাপে দিয়া হয় । প্ৰথম পর্যায়ত Biofloc প্ৰচেষ্টাৰ জৰিয়তে, ২০০০ মাছ উৎপাদন কৰি এই মুহূৰ্তলৈ হাৰর্ভেষ্টিঙত প্ৰায় 60 হাজাৰ টকা লাভৱান হৈছে ৷
উল্লেখ্য যে, এজন অভিযান্ত্ৰীক স্নাতক ছাত্ৰৰ লগতে দুই কলা শাখাৰ ছাত্ৰই প্ৰথমে ২ লাখ টকা খৰচ বহন কৰি এই পদ্ধতি অৱলম্বন কৰে আৰু কাৰিকৰী দিশত সহায় লয় ৷ পৰৱৰ্তী সময়ত এই পদ্ধতিৰ জৰিয়তে, নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰে তিনি যুৱকে ।