ETV Bharat / bharat

ঘূৰ্ণীবতাহ ফেংগাল : কেৰালাৰ ৪ জিলাত ৰেড এলাৰ্ট জাৰি, ৫ জিলাত বন্ধ শিক্ষানুষ্ঠান - CYCLONE FENGAL

ঘূৰ্ণীবতাহ ফেংগালৰ সম্ভাৱ্য প্ৰভাৱৰ কথা চিন্তা কৰি কেৰালাৰ ৪ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে । ৫ খন জিলাৰ সকলো শিক্ষানুষ্ঠানে বন্ধ ৰখা হৈছে ।

Cyclone Fengal
কেৰালাৰ ৪ জিলাত ৰেড এলাৰ্ট জাৰি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 10:07 AM IST

তিৰুৱন্তপুৰম : ঘূৰ্ণীবতাহ 'ফেংগাল'ৰ ফলত দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰু ধুমুহা হোৱা দেখা গৈছে । ইফালে কেৰালাৰো বিভিন্ন জিলা শেহতীয়াকৈ ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ কৱলত পৰিছে । এনে পৰিস্থিতিত ৰাজ্যখনৰ ৫ খন জিলাত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে ।

অংগনৱাড়ী, বিদ্যালয়, শিক্ষাকেন্দ্ৰ আৰু পেছাদাৰী মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠানে বন্ধ ঘোষণা কৰা হৈছে । জিলাকেইখন হৈছে ক্ৰমে কোট্টায়াম, ইডুক্কি, ৱায়ানাড়, পাথানামথিট্টা আৰু কান্নুৰ । অৱশ্যে, নিৰ্ধাৰিত পৰীক্ষাসমূহ সময়মতে অনুষ্ঠিত হ'ব ।

  • ৪ জিলাত ৰেড এলাৰ্ট জাৰি

বতৰ বিজ্ঞান বিভাগে তিৰুৱন্তপুৰম আৰু কোল্লামৰ বাহিৰে সকলো জিলাতে ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । ইফালে মালাপ্পুৰম, কোজিকোড়ি, কান্নুৰ আৰু ৱায়ানাড় জিলাত সোমবাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

ইয়াৰ উপৰিও ইডুক্কি, এৰ্নাকুলাম, ত্ৰিচুৰ, পালাক্কাড আৰু কাচাৰাগোড় জিলাত অ'ৰেঞ্জ সতৰ্কতা ঘোষণা কৰা হৈছে । আনহাতে আইএমডিয়ে পাথানামথিট্টা, আলাপুঝা আৰু কোট্টায়ামৰ বাবে ইয়েলু সতৰ্কবাণী (yellow alert) জাৰি কৰিছে ।

  • মুখ্যমন্ত্ৰীৰ আহ্বান :

মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে চলিত ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত ৰাইজক অত্যধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । তেওঁ সতৰ্ক কৰি দিছে যে কম সময়ৰ ভিতৰতে হোৱা বৰষুণৰ ফলত ভূমিস্খলন আৰু কৃত্ৰিম বান হ'ব পাৰে । চহৰ আৰু নামনি অঞ্চলত পানী জমা হোৱাৰ আশংকা আছে ।

ভূমিস্খলন প্ৰৱণ অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ সাজু হ'বলৈ পৰামৰ্শ দিয়া হৈছে । লোকসকলক আশ্ৰয় শিবিৰলৈ যোৱাৰ আহ্বান জনোৱা হৈছে । বিভিন্ন উপকূলৰ বাসিন্দা সকলকো সতৰ্ক কৰি দিয়া হৈছে । লগতে প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানত আশ্ৰয় ল'বলৈ পৰামৰ্শ দিয়া হৈছে ।

মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে ৰেড আৰু অ'ৰেঞ্জ এলবাৰ্টৰ অধীনত জিলাসমূহত আগতীয়াকৈ সাহায্য শিবিৰ স্থাপন কৰা হ'ব । তেওঁ জনসাধাৰণক তেওঁলোকৰ অঞ্চলত সাহায্য শিবিৰৰ বাবে চিনাক্ত কৰা ভৱনসমূহৰ বিষয়ে প্ৰাসংগিক ৰাজহ আৰু স্থানীয় কৰ্তৃপক্ষক অৱগত কৰিবলৈ আৰু এই আশ্ৰয়স্থলসমূহৰ আটাইতকৈ সুৰক্ষিত পথসমূহৰ সৈতে পৰিচিত হ'বলৈ আহ্বান জনায় ।

  • নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ :

সকলো জিলাতে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । মহকুমা আৰু জিলা পৰ্যায়ত ২৪ ঘণ্টাই এই নিয়ন্ত্ৰণ কক্ষ পৰিচালনা কৰা হৈছে । জৰুৰীকালীন অৱস্থাত টোল-ফ্ৰী নম্বৰ ১০৭৭ বা ১০৭০-ৰ সৈতে যোগাযোগ কৰি সহায়ৰ বাবে অনুৰোধ কৰিব পাৰিব ।

লগতে পঢ়ক :উত্তৰ তামিলনাডু আৰু পুডুচেৰী উপকূল অতিক্ৰম ঘূৰ্ণীবতাহ ফেংগালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.