ETV Bharat / state

Bhutan king visit kaziranga: কাজিৰঙাত জীপ চাফাৰী ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ - অসম চৰকাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত জীপ চাফাৰী ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ ৷ তেখেতক সংগ দিয়ে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মুখ্য বন সংৰক্ষণ বিষয়া এম কে যাদৱ আৰু অন্যান্য উচ্চ পদস্থ চৰকাৰী বিষয়া সকলে ৷

Bhutan king Undertakes Jeep safari at Kaziranga
কাজিৰঙাত ভূটানৰ ৰজা
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 9:15 PM IST

কাজিৰঙাত জীপ চাফাৰী ভূটানৰ ৰজাৰ

তেজপুৰ, 4 নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ বন শিবিৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ চাফাৰী কৰিলে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ৷ এই সময়চোৱাত ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সংগ দিয়ে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মুখ্য বন সংৰক্ষণ বিষয়া এম কে যাদৱ আৰু অন্যান্য উচ্চ পদস্থ চৰকাৰী বিষয়া সকলে ৷

ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকয়ে ৰাষ্ট্ৰীয় উদ্যানৰ চাফাৰী হাতী সমূহ পৰিদৰ্শন কৰে ৷ বিয়লি 5 বজাত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি তেওঁ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ আইঅ’ৰা ৰিট্ৰিটত উপস্থিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী কৰি আইঅ’ৰা ৰিট্ৰিটত মুখ্যমন্ত্ৰীৰ লগত এক বৈঠকত মিলিত হয় আৰু মুখ্যমন্ত্ৰীৰ সৈতে এক সংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি নৈশ আহাৰ গ্ৰহণ কৰে ৷

Assam CM with Bhutan King
ভূটান নৃপতিৰ সৈতে মুখ্যমন্ত্ৰী

তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক শনিবাৰে দ্বিতীয় দিনা কাজিৰঙাৰ আইঅ’ৰা ৰিট্ৰিটত উপস্থিত হোৱাৰ পিছতে অসম চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াই উষ্ম আদৰণি জনায় তেওঁক ৷

শনিবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ বন শিবিৰৰ পৰা জীপ চাফাৰী কৰি মিহিমুখত কাজিৰঙাৰ দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে ভূটান নৃপতিগৰাকী ৷ তেওঁৰ নিজৰ মোবাইলত ৰাষ্ট্ৰীয় উদ্যানৰ ফটো তুলি থকা দৃশ্য কেমেৰাত বন্দী হয় ৷ বিয়লি আইঅ’ৰাত পৰিবেশবিদ সকলৰ লগত তেওঁ এক অন্তৰংগ আলোচনাত মিলিত হয় বুলিও জানিব পৰা গৈছে ৷ এইদৰে প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ৷

লগতে পঢ়ক : Bhutan king visit at kaziranga:কাজিৰঙাত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.