ETV Bharat / state

অক্সিজেন সংকট: ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান - Bhutan is ready to export oxygen to India

ভাৰতত দেখা দিয়া অক্সিজেনৰ সৰ্বাধিক নাটনিৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে ভাৰতলৈ অক্সিজেন যোগান ধৰিবলৈ সন্মতি প্ৰদান কৰিছে । ভাৰত চৰকাৰে বিচাৰিলে দৈনিক ২০০টা অক্সিজেন চিলিণ্ডাৰ প্ৰেৰণ কৰিবলৈ প্ৰস্তুত থকাৰ কথা প্ৰকাশ কৰিছে ভূটানৰ বৈদেশিক মন্ত্ৰালয়ে ।

bhutan-is-ready-to-export-oxygen-to-india
অক্সিজেন সংকট ! ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান
author img

By

Published : Apr 27, 2021, 5:05 PM IST

তেজপুৰ ২৭ এপ্ৰিল : কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত ভাৰতত দেখা দিয়া অক্সিজেনৰ সৰ্বাধিক নাটনিৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে মঙলবাৰে ভাৰতলৈ অক্সিজেন যোগান ধৰিবলৈ সন্মতি প্ৰদান কৰে । আজি বৈদেশিক মন্ত্ৰালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰে যে, চুবুৰীয়া ৰাজ্য অসমে অক্সিজেন আমদানিৰ কাৰণে ভূটান চৰকাৰক আবেদন জনাইছিল । উক্ত আবেদনৰ পৰিপ্ৰেক্ষিতত ভূটান চৰকাৰে অক্সিজেন উৎপাদনৰ বাবে ভূটানৰ 'চানদ্ৰুপ জংকাৰৰ মটেংগাৰ' উদ্যোগিক ক্ষেত্ৰত ক্ষীপ্ৰ গতিত অক্সিজেন উৎপাদনৰ কাম অব্যাহত ৰাখিছে ।

ভূটানৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা অনুসৰি, 'মটেংগাত থকা এছডি কাইৰু জেনিক গেছ প্ৰা:লি: নামৰ এটা এফ বি আই কোম্পানীয়ে বৰ্তমান দেশত হৈ থকা ক’ভিড মহামাৰী বাবে এই কাম সম্পূৰ্ণ কৰিব পৰা নাছিল ।

মনকৰিবলগীয়া যে, এবাৰ সম্পূৰ্ণ হোৱাৰ পাছত এই কাৰখানাই লিকুইড অক্সিজেন আৰু নাইট্ৰজেন সম পৰিমাণে যোগান ধৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ প্ৰয়োজনীয়তা দূৰ কৰিব পাৰিব । বৰ্তমানলৈকে ১৫ শতাংশ অগ্ৰগতি লাভ কৰা উদ্যোগ'টোত প্ৰায় ১৫ জন ভূটানী আৰু তিনিজনীয়া বিশেষজ্ঞৰ এটা দলে কাম চলাই আছে ৷

উল্লেখ্য যে. চুবুৰীয়া দেশ ভূটানে এই মূহুৰ্তলৈকে দেশখনৰ অক্সিজেন উৎপাদন কেন্দ্ৰ 'গেলেপিও' আৰু 'ফুলচিলিঙত আংশিকভাৱে চলি আছিল অক্সিজেন উৎপাদনৰ কাম ৷ বৰ্তমানলৈকে এই প্ৰক্ৰিয়া লিকুইড পৰ্যায়তে সীমাবদ্ধ হৈ আছিল যদিও অতি কম দিনৰ ভিতৰতে উক্ত প্ৰকল্পত অক্সিজেন চিলিণ্ডাৰত ভৰ্তি কৰিবলৈ সক্ষম হ'ব বুলি দেশখনৰ বৈদেশিক সূত্ৰই প্ৰকাশ কৰিছে ।

bhutan-is-ready-to-export-oxygen-to-india
অক্সিজেন সংকট ! ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান

তদুপৰি চিকিৎসা আৰু উদ্যোগিত গেছ উৎপাদন কেন্দ্ৰ গেলেপিওত এই মূহুৰ্তলৈকে ১৫০ টা ছিলিণ্ডাৰ নিৰ্মাণ কৰি উলিয়াইছে আৰু উক্ত চিলিণ্ডাৰ সমূহ স্থানীয় চিকিৎসালয়তে সীমাবদ্ধ হৈ থকা বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

ইফালে চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে, উক্ত উৎপাদনস্থলীৰ পৰা ৩০% সম্পূৰ্ণ ৰূপে সক্ষমতা থকা এটা উৎপাদন কেন্দ্ৰই ২০০/৩০০ চিলিণ্ডাৰ ভাৰতক যোগান ধৰাৰ বাবে প্ৰস্তুত আছে । ফুলচিলিঙৰ পাছকা নামৰ অঞ্চলত থকা 'আহা' অক্সি গেছ প্ৰা: লি:ও বৰ্তমানলৈকে ৬৫% চিকিৎসাৰ প্ৰয়োজনীয় গেছ উৎপাদন কৰি আছে ।

আনহাতে পৰিচালনা সঞ্চালক উদয় কুমাৰ পঢ়েলয়ে জনায় যে, উক্ত কাৰাখানাটোৱে এদিনত ১৪০টা অক্সিজেন চিলিণ্ডাৰ উৎপাদন কৰি আছে । তদুপৰি এই গেছ সমূহ উদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰি থকা হৈছে আৰু তেওঁলোকে অতিৰিক্ত চিকিৎসাৰ বাবে অক্সিজেন চিলিণ্ডাৰৰ বাবে প্ৰয়োজনীয় চিলিণ্ডাৰ প্ৰস্তুত কৰি তুলিব বুলি মন্তব্য কৰে উদয় কুমাৰ পঢ়েলয়ে ।

আনহাতে পাচকা নামৰ কোম্পানীটোৰ কাৰ্যালয়ৰ সূত্ৰই জনায় যে, কুৱালিটি নামৰ গেছ প্ৰা: লি:এ ইতিমধ্যে ৩০০ লিটাৰ লিকুইড অক্সিজেন আৰু নাইট্ৰজেন প্ৰতি ঘন্টা উৎপাদন কৰি আছে আৰু উক্ত কেন্দ্ৰটো বৰ্তমানলৈকে ৫০% শতাংশ কাৰ্যক্ষম হৈ আছে ।

তদুপৰি ভাৰত চৰকাৰে বিচাৰিলে অতিৰিক্ত ভাৱে ২০০ অক্সিজেন চিলিণ্ডাৰ প্ৰেৰণ কৰিবলৈ প্ৰস্তুত থকাৰ কথা এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে ভূটানৰ বৈদেশিক মন্ত্ৰালয়ে ।

আনহাতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৫ এপ্ৰিলত ঘোষণা কৰিছিল যে নতুনকৈ নিৰ্মাণ হৈ থকা ভূটানৰ অক্সিজেন কেন্দ্ৰৰ পৰা চিকিৎসাৰ বাবে অক্সিজেন চিলিণ্ডাৰ অনা হ'ব ৷

লগতে পঢ়ক: মঙলবাৰৰ নিশাৰ পৰা ৰাজ্যত বলৱৎ হ'ব সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.