ETV Bharat / state

দ্বিতীয় কলীয়া ভোমোৰা দলঙে সুৰক্ষা বাহিনীৰ যোগাযোগ সুচল কৰিব

নিৰ্মীয়মান অৱস্থাত আছে ব্ৰহ্মপুত্ৰৰ নদী (Brahmaputra River)ৰ দ্বিতীয়খন কলীয়া ভোমোৰা (Kolia Bhomora) দলং অৰ্থাৎ ভোমোৰাগুৰি দলং (Bhomoraguri Bridge) ৷ এই দলংখনে বিশেষকৈ সুৰক্ষা বাহিনীৰ যোগাযোগ ব্যৱস্থাত সহায় কৰিব বুলি জানিব পৰা গৈছে ৷

Bhomoraguri Bridge
ভোমোৰাগুৰি দলং
author img

By

Published : Jul 8, 2021, 10:14 PM IST

তেজপুৰ, 8 জুলাই : ৰাজ্যত ব্ৰহ্মপুত্ৰৰ নদী (Brahmaputra River)ৰ ওপৰত মুঠ 7 খন দলং নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত 7 নং দলংখন হৈছে কলীয়া ভোমোৰা (Kolia Bhomora)ৰ দ্বিতীয়খন দলং অৰ্থাৎ ভোমোৰাগুৰি দলং (Bhomoraguri Bridge) ৷ কলীয়া ভোমোৰাগুৰিত বৰ্তমান এই দলংখনৰ নিৰ্মাণৰ কাম চলি আছে । গেমন ইণ্ডিয়া লিমিটেড (Gammon India Ltd) কোম্পানীৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী (National Highway Authority)ৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে দলংখন । এই দলংখনৰ প্ৰায় 70 শতাংশ কাম সম্পূৰ্ণ হৈছে ৷

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কলীয়া ভোমোৰা সেঁতুৰ সমান্তৰালকৈ নিৰ্মাণ হোৱা এইখন দলঙৰ নিৰ্মাণে বিশেষ গুৰুত্ব লাভ কৰিছে ৷ কাৰণ একমাত্ৰ উত্তৰ পাৰত অৱস্থিত এই দলঙৰ পৰা বিশেষকৈ উপকৃত হ’ব সুৰক্ষা বাহিনীৰ লোক । ভাৰতীয় সেনা বাহিনীৰ লগতে দেশৰ সকলো সুৰক্ষা বাহিনীৰ লোকসকলৰ বাবে যোগাযোগ ব্যৱস্থাৰ একমাত্ৰ আহিলা হৈ পৰিব এই দলংখন । ভাৰতীয় সেনাবাহিনী আন্তঃৰাষ্ট্ৰীয় সীমান্তত উপনীত হ’বলৈ ৰে’ল যোগাযোগ ব্যৱস্থাৰ পাচতে অন্যতম ঘাইপথ আৰু এই দলঙৰ নিৰ্মাণে সেনাবাহিনীৰ বাবে অধিক গুৰুত্ব লাভ কৰিব ।

ভোমোৰাগুৰি দলং

শোণিতপুৰ জিলা অতিক্ৰম কৰাৰ পাচত অৰুণাচল প্ৰদেশৰ ভালুকপুং আৰু জোনাইৰ পাচতে সীমান্তৰ বৃহৎ সংখ্যক সুৰক্ষা বাহিনীৰ লোক দৈনিক মোতায়েন কৰা হয় ।

ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বিগত 17 জুনত কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ লগতে এই পথটো মুকলি কৰে । টাৱাং আৰু কামেং সীমান্তৰ যোগাযোগৰ অন্যতম পথ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 37(A) আৰু 15 নং পথ । সীমান্তৰ বাবে দৈনিক গুৱাহাটীৰ নাৰেংগী আৰু চেঁচাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা সেনা আৰু অন্য সুৰক্ষা বিভাগৰ বৃহৎ সংখ্যক সামগ্ৰী এইখন দলঙৰ ওপৰেদি পাৰ কৰোৱা হ’ব ৷

অত্যাধিক যান-বাহনৰ ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আনখন দলঙৰ নিৰ্মাণ কৰা হয় ৷ ফ’ৰলেনযুক্ত (Four Lane Road) পথক সংযোগ কৰি এই দলংখনে বিশেষকৈ সেনাবাহিনীক সহায় কৰিব বুলি ধাৰণা কৰিব পাৰি । আগন্তুক 2022 চনত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’বলগীয়া এই দলংখন উত্তৰ পাৰৰ ‘ৰক্ষাকৱচ’ হিচাপে চিহ্নিত হৈছে ।

লগতে পঢ়ক : ৰাসায়নিক সাৰৰ মূল্য নিয়ন্ত্ৰণৰ বাবে তৎপৰ ডিব্ৰুগড় প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.