ETV Bharat / state

ডুবাইত ইংৰাজী ভাষাত প্ৰদৰ্শিত ভাওঁনা

জামুগুৰিহাটৰ প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটিৰ প্ৰচেষ্টাত বিদেশৰ মাটিত প্ৰদৰ্শিত অংকীয়া নাট “কেলিগোপাল”

author img

By

Published : Jul 24, 2019, 2:29 PM IST

ডুবাইত ইংৰাজী ভাষাত প্ৰদৰ্শিত ভাওনা

শোণিতপুৰ, 24 জুলাইঃ বিদেশত ইংৰাজী ভাষাত প্ৰদৰ্শিত হ'ব অংকীয়া নাট ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সকলো ৰীতি নীতি অনুসৰিয়েই অংকীয়া নাট কেলিগোপাল ডুবাইত প্ৰদৰ্শণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পথত জামুগুৰিহাটৰ এটি যুৱ শিল্পীৰ দল ৷

ডুবাইত ইংৰাজী ভাষাত প্ৰদৰ্শিত ভাওনা

শোণিতপুৰ, 24 জুলাইঃ বিদেশত ইংৰাজী ভাষাত প্ৰদৰ্শিত হ'ব অংকীয়া নাট ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সকলো ৰীতি নীতি অনুসৰিয়েই অংকীয়া নাট কেলিগোপাল ডুবাইত প্ৰদৰ্শণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পথত জামুগুৰিহাটৰ এটি যুৱ শিল্পীৰ দল ৷

ডুবাইত ইংৰাজী ভাষাত প্ৰদৰ্শিত ভাওনা
Intro:দেশত নহয় এইবাৰ বিদেশত প্ৰদৰ্শণ হ’ব ইংৰাজী ভাষাত অংকীয়া নাট৷মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সকলো ৰীতি নীতি অনুসৰিয়েই এই অংকীয়া নাট কেলিগোপাল ডুবাইত প্ৰদৰ্শণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পথত জামুগুৰিহাটৰ এটি যুৱ শিল্পীৰ দল৷Body:
দেশৰ ৰাজধানী দিল্লী আৰু মায়ানগৰী মুম্বাইত গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনা- ইংৰাজী ভাষাত প্ৰদৰ্শণ কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটিয়ে এইবেলি শংকৰদেৱৰ অংকীয়া নাট “কেলিগোপাল” ইংৰাজী ভাষাত প্ৰদৰ্শণৰ প্ৰস্তুতি চলাইছে বিদেশৰ মাটিত৷জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ যুৱ সমাজকৰ্মী তথা নাটখনৰ অনুবাদক তথা প্ৰযোজক আৰু পৰিচালক অৰূপ শইকীয়াৰ নেতৃত্বত সমুহ শিল্পী কলা কুশলীয়ে অহা ছেপ্তেম্বৰ মাহত ডুবাইত মঞ্চস্থ কৰিব লগা নাটভাগৰ আখৰাক লৈ দিনে নিশাই এইদৰেই ব্যস্ত হৈ পৰিছে৷গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে বিদেশৰ মাটিত মঞ্চস্থ কৰিবলৈ প্ৰস্তুতি চলোৱা নাটভাগক লৈ যথেষ্ঠ আশাবাদী অনুবাদক তথা পৰিচালকগৰাকী৷অন্যহাতে ইংৰাজী ভাষাত পোনপ্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত শংকৰদেৱৰ অংকীয়া নাট প্ৰদৰ্শন কৰিবলৈ যো-জা কৰা প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটিৰ প্ৰতিগৰাকী শিল্পীয়েই নিজৰ চৰিত্ৰসহিতে নাটভাগ সফলভাৱে মঞ্চস্থ কৰাৰ উদ্দেশ্যেৰে সৰ্বস্ব উজাৰী দি আখৰাত ব্যস্ত হৈ পৰিছে৷অন্যহাতে পোনপ্ৰথমবাৰৰপৰা ডুবাইত মঞ্চস্থ কৰিবতৈ প্ৰস্তুতি চলোৱা এই ইংৰাজী অংকীয়া নাটভাগৰ সফলতাৰ বাবে ৰাজ্যবাসীৰ আশীৰ্বাদ কামনা কৰিছে নাটখনৰ চৰিত্ৰত অৱতীৰ্ণ শিল্পীসকলে৷
Byte1: অৰূপ শইকীয়া৷অনুবাদক তথা প্ৰযোজক আৰু পৰিচালক৷
Byte2:যুৱতী শিল্পী৷Conclusion:অন্যহাতে ইংৰাজী ভাষাত মঞ্চস্থ কৰিব ওলোৱা অংকীয়া নাটভাগৰ সমগ্ৰ পৰিকল্পনাৰ দায়িত্বত আছে গিৰিমল্লীকা শইকীয়া আৰু জ্যোতিমল্লিকা শইকীয়া৷তেঁওলোকেও বিদেশত নাটভাগৰ সফলভাৱে মঞ্চস্থ কৰাৰ বাবে বিছাৰিছে ৰাজ্যবাসীৰ আশীৰ্ৱাদ৷
Byte4,5:জ্যোতিমল্লিকা শইকীয়া ৷
উল্লেখ্য যে দিল্লী আৰু মুম্বাইত ইংৰাজী ভাষাত ভাঁওনা অনুষ্ঠিত কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা প্ৰজন্ম উন্মেসৰ এই দলটিয়ে অহা চেপ্তেম্বৰ মাহত ডুবাইত মঞ্চস্থ কৰিব অংকীয়া নাট কেলিগোপাল আৰু ৰাৱণ বধ নাটভাগ৷আমিও আশা কৰিছো দলটিয়ে এইবেলিও বিদেশত সুন্দৰ প্ৰদৰ্শণেৰে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হঁওক৷
(চতিয়াৰ পৰা প্ৰাণশংকৰ ভূঞাৰ প্ৰতিবেদন)

Pransankar bhuyan
Sootea
Etv bharat (assam)
24/7/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.